ক্ৰমাগতভাৱে টকিঅ‘ অলিম্পিকত মনিপুৰৰ মীৰাবাঈ চানুৱে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অসমৰ লাভলীনা বৰগোঁহাইয়ে পদক অনাটো নিশ্চিত হ‘ল। ইয়াৰপিছতে অন্য এটা ভাল খবৰে উত্তৰ পূৰ্বাঞ্চলবাসীক উৎফুল্লিত কৰিছে।
ভাৰতীয় সেনা বাহিনীৰ জোৱান চিলঙৰ হাৱিলদাৰ সোমন ৰাণাই টকিঅ‘ পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে।শ্বট পুটৰ বাবে এই যোগ্যতা অৰ্জন কৰিছে খেলুৱৈ গৰাকীয়ে।
লেণ্ড মাইন বিস্ফোৰণত সোঁ ভৰি হেৰুওৱা ৰাণাই এফ -৫৭ শাখাত পেৰা অলিম্পিকৰ বাবে এই যোগ্যতা অৰ্জন কৰিছে।বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত থকা এই শ্বট পুট খেলুৱৈ গৰাকীয়ে ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ‘বলগীয়া টকিঅ‘ পেৰা অলিম্পিকত ভাগ ল‘ব।
উল্লেখযোগ্য যে চিলঙৰ এই সেনা জোৱান গৰাকীয়ে ২০০৬ চনত কৰ্তব্যৰত অৱস্থাত নিজৰ সোঁ ভৰিখন হেৰুৱাইছিল।ইয়াৰ পিছতেই ৰাণাই ২০১৭ চনত পুনেত সেনাৰ পেৰা অলিম্পিক নোডত যোগদান কৰিছিল আৰু এই ঘটনাৰ পিছতেই তাতে প্ৰশিক্ষণো গ্ৰহণ কৰিছিল খেলুৱৈ জনে।
প্ৰশিক্ষণৰ পিছতেই ৰাণাই নিজকে এগৰাকী পেৰা এথলীট হিচাপে প্ৰতিষ্ঠা কৰে।বিগত সময়ত ৰাণাই সমগ্ৰ বিশ্বত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি আহিছে।