VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এগৰাকী খেলুৱৈৰ আহ্বানঃ “মোক এটা সংস্থাপন দিয়ক ,মই কথা দিছো ,মই দেশৰ মান ৰাখিম”

voicedesk by voicedesk
August 6, 2021
in ক্ৰীড়া, জীৱন, সমাজ
এগৰাকী খেলুৱৈৰ আহ্বানঃ “মোক এটা সংস্থাপন দিয়ক ,মই কথা দিছো ,মই দেশৰ মান ৰাখিম”
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

বিশ্বক্ৰীড়াত অসমৰ নাম জিলিকাই তোলা লাভলীনা বৰগোঁহাইৰ পিছতেই এইখন অসমৰে আৰু এগৰাকী খেলুৱৈৰ নামে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।ডিব্ৰুগড় জিলাৰ মৰাণ গৰুধৰীয়া গাঁৱৰ অঞ্জনা শইকীয়া নামৰ এই ২৪ বছৰীয়া ফুটবল খেলুৱৈ গৰাকীয়ে এটা সংস্থাপন বিচাৰি মুখ্যমন্ত্ৰীলৈ কৰা আহ্বানত এতিয়া শোকস্তব্ধ হৈ পৰিছে অসমৰ ক্ৰীড়া মহল।

প্ৰচুৰ সম্ভাৱনা থকা এই খেলুৱৈ গৰাকী ভাৰতীয় মহিলা ফুটবল দলক চাৰিবাৰকৈ প্ৰতিনিধিত্ব কৰি দেশৰ নাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাবলৈ সক্ষম হৈছিল।ভাৰতীয় মহিলা দলৰ গ‘লকীপাৰ অঞ্জনাই অসম দলকো ৯ বাৰকৈ প্ৰতিনিধিত্ব কৰি বিভিন্ন ঠাইত পদক পাবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ২০১৪ চনত পাকিস্তানৰ বিৰুদ্ধে খেলি সোণৰ পদক পোৱা অঞ্জনা আজি আৰ্থিক দীনতাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে দিন।এসাজ খাই এসাজৰ বাবে চিন্তা কৰা দৰিদ্ৰ ঘৰখনক সকাহ দিবলৈকে ঘৰৰ পৰা ওলাই অহা এই খেলুৱৈ গৰাকীয়ে যোৰহাটৰ ৰবীন বৰা নামৰ লোকজনৰ ঘৰত থাকি অনুশীলন কৰাৰ লগতে উঠি অহা নতুন প্ৰজন্মক ফুটবলৰ প্ৰশিক্ষণ দিছে।

এনেদৰেই কিছু টকা উপাৰ্জন কৰি ঘৰখন চলোৱাৰ লগতে নিজেও অনুশীলন অব্যাহত ৰাখিছে।বিগত সময়ত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে এটা চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেইয়া হৈ নুঠিল।

একেদৰে ২০২০ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও এটা চাকৰি যোগান ধৰাৰ কথা কৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছিল যদিও অৱশেষত সেয়াও যেন ফুটুকাৰ ফেন হ‘ল।পুনৰ উপেক্ষিত হৈ ৰ‘ল প্ৰতিভাৱান খেলুৱৈ গৰাকী।

সেইয়ে এইবাৰ অঞ্জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান কৰি কৈছে যে“ মোক এটা সংস্থাপন দিয়ক চাৰ ,মই কথা দিছো মই দেশৰ মান ৰাখিম“কিমান আত্মবিশ্বাস থাকিলে এনেকৈ কথা দিব পাৰে,কিমান ভালপোৱা থাকিলে চৰম আৰ্থিক দীনতাকো আওকাণ কৰি একান্তমনে খেলত মনোনিবেশ কৰিব পাৰে এগৰাকী খেলুৱৈয়ে।

দেশৰ মান ৰাখিবলৈ ওলাই অহা এনে প্ৰতিভাক যদি চৰকাৰে উপযুক্ত সুবিধা দিয়ে তেন্তে নিশ্চিতকৈ আৰু বহু নৱ প্ৰতিভা অনুপ্ৰাণিত হ’ব। যিহেতু আৰ্থিক দীনতাৰ দৰে সমস্যাৰ মাজত কোনো প্ৰতিভা সম্পূৰ্ণৰূপে বিকশিত হ’ব নোৱাৰে। এনে সমস্যাৰ বাবেই  ইতিমধ্যে অসমৰ বহু প্ৰতিভাৱান খেলুৱৈ হেৰাই গৈছে।

তেনেক্ষেত্ৰত ক্ৰীড়াপ্ৰেমীৰ দাবী যে সময় থাকোতেই এইগৰাকী খেলুৱৈৰ দায়িত্ব চৰকাৰে বহন কৰক। অসমৰ ক্ৰীড়া ক্ষেত্ৰত অঞ্জনাৰ দৰে প্ৰতিভাৰ অভাৱ নাই। কেৱল সুবিধাৰ অভাৱত বিকশিত হ’ব পৰা নাই বহু খেল প্ৰতিভা। একান্তমনে কেৱল খেলতে মনোনিবেশ কৰিলে লাভলীনাৰ দৰে অঞ্জনাইও এদিন জিলিকাব লুইতৰ পাৰ।

Previous Post

ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ক্লিভিৰা টেবলেটক ভাৰত চৰকাৰৰ অনুমোদন প্ৰদান

Next Post

অসম-মেঘালয় সীমা বিবাদ সমাধানৰ বাবে দুই মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অসম-মেঘালয় সীমা বিবাদ সমাধানৰ বাবে দুই মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম-মেঘালয় সীমা বিবাদ সমাধানৰ বাবে দুই মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7