আচৰিত যেন লাগিলেও সঁচা যে সদ্য সমাপ্ত হোৱা বিশ্বক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতা টকিঅ’ অলিম্পিকৰ সোণ,ৰূপ,ব্ৰঞ্জৰ পদক সমূহ পেলনীয়া ইলেকট্ৰনিক সামগ্ৰীৰে নিৰ্মাণ কৰিছিল।
”টকিঅ‘ ২০২০ মডেল প্ৰকল্প‘’ শীৰ্ষক এই প্ৰকল্পৰ যোগেদি টকিঅ‘ অলিম্পিক কমিটিয়ে ২০১৭ বৰ্ষতে এই কাম আৰম্ভ কৰিছিল।এই প্ৰকল্পৰ যোগেদি সেই বৰ্ষতে দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৱৰ্জনা সংগ্ৰহৰ কাম আৰম্ভ কৰিছিল।
অলিম্পিক কমিটিয়ে গঠন কৰি দিয়া এটা ছাত্ৰৰ দলে এই আৱৰ্জনা সমূহ সংগ্ৰহৰ কামত জড়িত হৈছিল। ক্ৰীড়া বিশ্ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই দলটোৱে দুটা বছৰে পেলনীয়া স্মাৰ্টফোন, লেপটপ আদি সংগ্ৰহ কৰি প্ৰায় ৫,০০০ স্বৰ্ণ,ৰূপ আৰু ব্ৰঞ্জৰ পদক সমূহ নিৰ্মাণ কৰিছিল।
উল্লেখযোগ্য যে এই কামৰ বাবে জাপানৰ প্ৰায় ৯০ শতাংশ গাঁও,চহৰত ড’নেশ্বন কেম্প স্থাপন কৰা হৈছিল।য’ত মানুহে তেওঁলোকৰ ঘৰৰ পেলনীয়া ইলেকট্ৰনিক সমগ্ৰী সমূহ জমা দিছিল।এইদৰেই জাপানৰ সকলো মানুহৰ সামূহিক প্ৰচেষ্টাত অলিম্পিকৰ বৃহৎ সংখ্যক পদক গঢ়ি তোলা হৈছিল।
জাপান হৈছে এনে এখন দেশ যি প্ৰথমবাৰৰ বাবে পেলনীয়া সামগ্ৰীৰ পৰা পদক নিৰ্মাণ কৰি দেশ খনক প্ৰদূষণ মুক্ত কৰাত অনন্য পদক্ষেপ গ্ৰহণ কৰিছিল।অৱশ্যে ইয়াৰ পূৰ্বেও ২০১৬ ৰ ৰিঅ‘ অলিম্পিকত ৩০ শতাংশ সোণ আৰু ৰূপৰ পদক গাড়ীৰ পেলোনীয়া অংশৰে নিৰ্মাণ কৰিছিল।