বক্সিং তাৰকা তথা অসমৰ গোলাঘাট জিলাৰ সুযোগ্যা সন্তান লাভলিনা বৰগোঁহাইয়ে এইবাৰ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিলে আহি থকা মহিলা বিশ্ব বক্সিং চেম্পিয়নচিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ। বক্সিং তাৰকা গৰাকীক বিশ্ব বক্সিং চেম্পিয়নচিপৰ বাবে ভাৰতীয় বক্সিং দলত পোনপটীয়াকৈ স্থান দিয়াৰ কথা মংগলবাৰে ঘোষণা কৰে ভাৰতীয় বক্সিং ফেডাৰেচনে ।
আগন্তুক ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নচিপৰ পৰা বাকী সকল খেলুৱৈক নিৰ্বাচন কৰা হ’ব। ২১ অক্টোবৰত হিচাৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নচিপৰ প্ৰতিটো ওজন শাখাৰ স্বৰ্ণ পদক বিজয়ী মহিলা বক্সিং চেম্পিয়ন সকলে অৰ্জন কৰিব ভাৰতীয় বক্সিং দলক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা। ২০২১ বৰ্ষৰ ডিচেম্বৰত ইষ্টানবুলত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্ব চেম্পিয়নচিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰ্তমান আতৰি থাকিব ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নচিপৰ পৰা।
ভাৰতীয় বক্সিং ফেডাৰেচনে এক বিবৃত্তিৰ যোগেদি জানিবলৈ দিয়ে যে অলিম্পিকত পদক জয় কৰা ভাৰতৰ তৃতীয় গৰাকী বক্সাৰ লাভলিনাৰ ঐতিহাসিক প্ৰদৰ্শনৰ বাবে তেওঁক ভাৰতীয় দলত পোনপটীয়াকৈ স্থান দিয়া হৈছে। আনহাতে তেওঁলোকে জানিবলৈ দিয়া মতে বেলগ্ৰেডত ২৪অক্টোবৰৰ পৰা আৰম্ভ হ’ব পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নচিপ।