ব্ৰাজিলৰ কিংবদন্তী ফুটবল খেলুৱৈ পেলেক তেওঁৰ মলাশয়ৰ অস্ত্ৰোপচাৰৰ পৰৱৰ্তী পৰ্যায়ত ১০ দিন আই চি ইউত ৰখাৰ অন্ততঃ বুধবাৰে বিপদমুক্ত ঘোষণা কৰা হয়।
৮০ বছৰীয়া পেলেৰ অৱস্থা বৰ্তমান স্থিৰ আৰু তেওঁ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ সাধাৰণ ৰোগী থকা কোঠাত চিকিৎসা গ্ৰহণ কৰিব।
পেলেই আই চি ইউৰ পৰা মুক্ত হৈ সামাজিক মাধ্যমৰ এটা পষ্টযোগে অনুৰাগীসকলক এই দুৰ্দিনত তেওঁৰ কাষত থিয় দিয়াৰ বাবে অন্তৰেৰে ধন্যবাদ জনায় আৰু তেওঁলোকক আশ্বাস দিয়ে যে তেওঁ এতিয়াও ৯০ মিনিটৰ খেলৰ বাবে সক্ষম আৰু সাজু।
তেখেতে এটা ইনষ্টাগ্ৰাম পষ্টযোগে ইয়াকো উল্লেখ কৰে যে অনুৰাগীসকলে যাতে এক মুহূৰ্তৰ বাবেও নাভাবে যে তেওঁৰ ওচৰলৈ অহা হাজাৰ হাজাৰ বাৰ্তা তেওঁ পঢ়া নাই।
লগতে ইতিবাচক শক্তি প্ৰেৰণ কৰিবলৈ সময় পোৱাৰ বাবে সকলোকে তেওঁ ধন্যবাদ আৰু মৰম যাচে। পেলেই বিগত কিছু বছৰ ধৰি বিভিন্ন স্বাস্থ্য সমস্যাৰ সৈতে যুঁজ দি আহিছে। আগষ্ট মাহত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ সময়তে তেওঁৰ টিউমাৰটো ধৰা পৰিছিল।