VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এটা দশকৰ পাছত লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাগ লোৱা পিংকী কৰ্মকাৰ পুনৰ চৰ্চালৈ

voicedesk by voicedesk
August 10, 2021
in ক্ৰীড়া, জীৱন
এটা দশকৰ পাছত লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাগ লোৱা পিংকী কৰ্মকাৰ পুনৰ চৰ্চালৈ
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

চৌদিশে এতিয়া ক্ৰীড়া আৰু ক্ৰীড়াবিদৰ জয়গান। অলিম্পিকত দেশ তথা ৰাজ্যক প্ৰতিনিধিত্ব কৰি উভতি অহা খেলুৱৈসকলক লৈও ব্যাপক আয়োজন দেখা গৈছে। কোনখন চৰকাৰে কিমান টকা দিছে অথবা কাক কি পদত নিযুক্তি দিয়া হ’ব সেই লৈও ৰাইজৰ মাজত সৰৱ আলোচনা চলিছে। 

অলিম্পিকৰ বতৰত অসমত এই দৃশ্য সহজলভ্য। হয়তো কোনোদিনেই খেলৰ সৈতে জড়িত নোহোৱা এজন ব্যক্তিৰো আজিৰ তাৰিখত প্ৰিয় খেল বক্সিং। অসমৰ দৰে এখন ৰাজ্যত সম্ভাৱনাৰ অভাৱ কোনোদিনেই নাছিল। কিন্তু প্ৰয়োজনীয় আন্তঃগাঁঠনিৰ অভাৱত বহু প্ৰতিভা অকালতেই মৰহি যায়, সেই কথাও ক্ৰীড়াপ্ৰেমীয়ে স্বীকাৰ কৰে।

হীমা দাস অথবা লাভলীনা বৰগোঁহাইয়ে খেলুৱৈ জীৱনৰ আধাৰত আহৰণ কৰা সন্মান তথা বৈভৱ সকলোৱে দেখিছে। কিন্তু এইখন অসমতে অলিম্পিকত অংশ লোৱা এনে ব্যক্তি আছে, যি অৰ্থৰ অভাৱত চাহ বাগিছাত দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিছে। 

২০১২ চনত চনত লণ্ডন অলিম্পিকত শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাৰ ২নং লাইনৰ পিংকী কৰ্মকাৰ। লণ্ডনৰ পৰা উভতি অহাৰ পাছত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে আদৰি অনা হৈছিল পিংকীক। 

পিংকীৰ বাগিছাৰ গৃহত মন্ত্ৰী-বিধায়ককে ধৰি বহু সংগঠনৰ নেতৃবৃন্দই ভৰি থৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আদৰণি জনাই ভৱিষ্যতে সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। একেদৰে সেই সময়ৰ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৃথিৱী মাঝিয়েও পিংকীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল বুলি বাতৰিত প্ৰকাশ পাইছিল।

২০১৫ চনত পিংকীৰ মাকৰ মৃত্যুৰ পাছত অৰ্থৰ অভাৱত পিংকীয়ে শিক্ষা জীৱন আধাতে এৰি দিবলগীয়া হৈছিল। নামভৰ্তিৰ বাবে বিভিন্নজনৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিও পিংকী সফল নহ’ল। সেয়ে মাতৃৰ ঠাইত পিংকি কৰ্মকাৰ হৈ পৰিল চাহ বাগিছাৰ স্থায়ী শ্ৰমিক। 

উল্লেখযোগ্য যে মাত্ৰ ১৮ বছৰ বয়সতে ইউনিছেফৰ “স্প’ৰ্টছ ফৰ ডেভেলপমেণ্ট” শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা পিংকী কৰ্মকাৰক ইউনিছেফেও অঃশগ্ৰহণৰ বিনিময়ত কোনো মাননি দিয়া নাছিল বুলি প্ৰকাশ পাইছিল।

এটা সাধাৰণ শ্ৰমিক পৰিয়ালৰ ছোৱালী পিংকীৰ এই সাফল্য স্বাভাৱিকতেই দেশ তথা ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছিল। ব্যতিক্ৰমী পিংকীয়ে চাহ বাগিছাৰ অঞ্চলত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু বাল্য বিবাহ, সুৰা আদিৰ বিৰুদ্ধে কাম কৰি আহিছে। 

দুৰ্ভাগ্যজনক ভাৱে একাংশ সংবাদ প্ৰতিষ্ঠানে পিংকীক এথলীট বুলি উল্লেখ কৰি বাতৰি পৰিৱেশন কৰাটোৱে বিষয়টোৰ গুৰুত্ব সকলোকে বুজাই দিছে। শিখা দৌৰত অলিম্পিকত ভাগ লোৱা সকল এথলীট হ’ব নালাগে। তেওঁলোকে উল্লেখযোগ্য কামৰ বাবে এই গৌৰৱ অৰ্জন কৰে।

টকিঅ’ অলিম্পিকত তাকাশিগে শো নামৰ এজন যাদুকৰে শিখা দৌৰত ভাগ লৈছিল। ২০০৮ চনৰ অলিম্পিকত বলীউড অভিনেতা আমিৰ খানও এই গৌৰৱৰ অংশীদাৰ হৈছিল। আনহাতে একেখন অলিম্পিকতে ফুটবল তাৰকা বাইচুং ভুটিয়াই তিব্বতৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ শিখা দৌৰত ভাগ ল’বলৈ কোৱা অনুৰোধ প্ৰত্যাখান কৰিছিল।

বাতৰিৰ শিৰোনাম দখল কৰাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে এটা দশকে আন্ধাৰত থকা পিংকী মজুমদাৰ। টাইমছ অফ ইণ্ডিয়াই এটা প্ৰতিবেদনত প্ৰকাশ কৰিছে যে শিখা দৌৰত ভাগ লোৱাসকলে প্ৰত্যক্ষভাৱে দেশক প্ৰতিনিধিত্ব নকৰে, শিখাৰ এই দুৰৱস্থাৰ বাবে দায়ী ইউনিছেফ।

যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা, হীমাৰ সৰ্বশ্ৰেষ্ঠতাক জুখিবলৈ উপাধি বা পদবী বিচাৰি পোৱা নাই, তেনে স্থলত এগৰাকী সক্ৰিয় কৰ্মী হিচাপে পিংকী নুন্যতম সুবিধাৰ পৰাও বঞ্চিত হোৱাটো অমানবীয়তা বুলি একাংশই মন্তব্য কৰিছে। 

অৱশ্যে বৰ্তমান বহু সংখ্যক ব্যক্তি-প্ৰতিষ্ঠান পিংকীক সহায়ৰ বাবে আগবাঢ়ি গৈছে। কিন্তু সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে উদ্বিগ্নতা, দেশৰ বাবে সন্মান কঢ়িয়াই অনা এগৰাকী ব্যক্তিক নুন্যতম সুবিধাৰ পৰা অত বছৰে বঞ্চিত কৰি ৰখাতো কিমান দূৰ যুক্তি সংগত আছিল?

Previous Post

সীমা সমস্যা সমাধানৰ বাবে প্ৰধান মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ৰাজ্যৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীসহ কেইবাজনো মন্ত্ৰীৰ লগতো আলোচনা

Next Post

বিশ্বৰ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত হৈছে ভাৰতীয়-আমেৰিকান মূলৰ নাতাশা পেৰি

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
বিশ্বৰ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত হৈছে ভাৰতীয়-আমেৰিকান মূলৰ নাতাশা পেৰি

বিশ্বৰ এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত হৈছে ভাৰতীয়-আমেৰিকান মূলৰ নাতাশা পেৰি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7