তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছাৰমেনেলিৰ বিৰুদ্ধে তীব্ৰ যুঁজৰ অন্তত পৰাজিত হৈও পদক আজুৰি আনি ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰিলে অসম কন্যা লাভলীনাই । বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ বুছেনাজ ছাৰমেনেলিৰ হাতত ৫-০ পইণ্টত পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচিলে লাভলীনাই ।
কিমান আত্মবিশ্বাস থাকিলে ক’ব পাৰে, “ মই পদক লৈহে ঘৰলৈ উভতিম।“
কথা মতেই কাম। অৱশেষত লাভলীনাই পিতৃ-মাতৃক দিয়া কথা ৰাখিলে।গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ দৰে এখন ভিতৰুৱা অঞ্চলৰ পৰা ওলাই যোৱা লাভলীনাই সকলো প্ৰত্যাহ্বান নেওচি ভাৰতৰ বাবে কঢ়িয়াই আনিলে অলিম্পিকত ব্ৰঞ্জৰ পদক।ভাৰতৰ অন্যতম বিশ্ব চেম্পিয়ন মেৰী কমৰ পিছতেই অলিম্পিকত পদক লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয় বক্সাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে লাভলীনাই।
আত্মবিশ্বাস আৰু লক্ষ্য স্থিৰ থাকিলে অসাধ্যও সাধন কৰিব পাৰে। সেইকথা আজি প্ৰমাণ কৰি অসম কন্যা লাভলীনাই প্ৰথম বাৰৰ বাবে পদক লাভ কৰি নিজৰ নাম অসমৰ ইতিহাসৰ পাতত খোদিত কৰিলে।
লাভলীনাই সপোন দেখিছিল অলিম্পিক খেলাৰ। সেই উদ্দেশ্য আগত ৰাখি ২০১২ চনত বক্সিংৰ ক্ষেত্ৰখনত খোজ পেলাইছিল তেওঁ। পূৰ্বৰ বিশ্ব চেম্পিয়ন মহম্মদ আলিক অনুপ্ৰেৰণা হিচাপে লৈ খোজ দিছিল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত।যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈ সোণৰ পদক পাবলৈ সক্ষম হোৱা নাছিল খেলুৱৈ গৰাকী।
উল্লেখযোগ্য যে বিশ্ব চেম্পিয়নশ্বীপত লাভলীনাই এতিয়ালৈ দুটা ব্ৰঞ্জৰ পদক জয় কৰিছে। এছিয়ান চেম্পিয়নশ্বীপতো লাভ কৰিছে দুটা ব্ৰঞ্জৰ পদক।তৎস্বত্বেও তুৰ্কীৰ ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ বিশ্বচেম্পিয়ন বুছেনাজকৰ লগত তুমুল যুঁজ দি আজি ব্ৰঞ্জতে থমকি ৰ’ব লগা হ‘ল অসম কন্যা গৰাকী ।
ইফালে পূৰ্বৰ প্ৰি কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই ভিন্ন ৰণনীতি প্ৰয়োগ কৰি খেলিছিল। প্ৰথমখনত ৰক্ষণাত্মক আৰু দ্বিতীয়খনত আক্ৰণাত্মক ৰণ নীতিৰে জয় সাব্যস্ত কৰিছিল।
ছেমি ফাইনেলত পৰাজিত হ’লেও আজিৰ লাভলীনাৰ এই জয়ে ভাৰতৰ লগতে অসমলৈ অনন্য এক আনন্দৰ পৰিবেশ কঢ়িয়াই আনিছে। আনন্দৰ এই মুহূৰ্তত এতিয়া গৃহ জিলা গোলাঘাটৰ লগতে অসমবাসীয়ে লাভলীনাক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে ।