মাতৃক দিয়া কথা ৰাখি অৱশেষত অলিম্পিক পদক লৈ স্ব-গৃ্হত উপস্থিত হ’ল লাভলীনা বৰগোঁহাই।লাভলীনাৰ আগমণত গোলাঘাট জিলাত পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছিল। লাভলীনাৰ স্ব-গৃহ বৰপথাৰৰ সকলো বাট-পথত বিৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছিল।
সুদীৰ্ঘ এটা বছৰ পিছত অলিম্পিক পদক লৈ ঘৰলৈ উভটি অহা লাভলীনাক আদৰিবলৈ ঠায়ে ঠায়ে মানুহে জুম বান্ধি থকা দেখা গৈছে।বিয়লি ডিমাপুৰ বিমান বন্দৰত অৱতৰণ কৰা লাভলীনাক সম্ভাষণ জনালে সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।
ইয়াৰ পিছতে এক বিশাল বাইক ৰেলীৰে ডিমাপুৰৰ পৰা বৰপথাৰলৈ আদৰি আনিলে ব্ৰঞ্জকন্যা লাভলীনাক। ডিমাপুৰৰ পৰা পিতৃ টিকেন বৰগোঁহাই আৰু বিধায়ক ফুকনে সংগ দিয়া লাভলীনাক ঠায়ে ঠায়ে অসংখ্য লোকে আদৰা দেখা গ’ল।
প্ৰায় দুদিন পূৰ্বৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত লাভলীনাৰ বেনাৰ পোষ্টাৰে ভৰি পৰা দেখা গৈছিল। খোলা গাড়ীৰ পৰাই ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে ভাৰত গৌৰৱ লাভলীনাই।
বৰপথাৰ হাইস্কুল খেল পথাৰত লাভলীনাক আদৰিবলৈ আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ,,কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকি লাভলীনাক আদৰণি জনোৱাৰ লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায়।
ইয়াৰলগতে লাভলীনাক সম্বৰ্ধনা জনাবলৈ উজনি অসমৰ বহুতো ক্ৰীড়া অনুষ্ঠানো বৰপথাৰত উপস্থিত হৈ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনোৱা দেখা যায়।নিশালৈ নিজ গৃ্হত উপস্থিত হোৱা খেলুৱৈ গৰাকীক ভগ্নীদ্বয়ে চাকি-বন্তি আগবঢ়াই আদৰি নিয়াৰ লগতে মাতৃক দেখি আৱেগিক হৈ পৰা লাভলীনাই কান্দি উঠা দেখা গ’ল।