অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইক এইবাৰ ৰাইজে দেখা পাব কিছু ব্যতিক্ৰমী ৰূপত। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে এটি সৰু ভিডিঅ’ গীতৰ শ্বুটিঙত অংশ ল’লে খেলুৱৈগৰাকীয়ে।
অলিম্পিকত পদক জয়ৰ পাছৰ পৰাই বিভিন্ন ধৰণৰ কাৰ্যসূচীত ব্যস্ত হৈ পৰিছে লাভলীনা। ৰাইজৰ উৎসাহী সম্বৰ্ধনাই খেলুৱৈগৰাকীৰ দৈনন্দিন জীৱন ব্যস্ততাৰে ভৰাই তুলিছে।
ইয়াৰ লগতে খেলুৱৈগৰাকীৰ সৈতে ক্ৰীড়াবিষয়ক আলোচনাত মিলিত হৈছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ। ইয়াৰ মাজতে সময় উলিয়াই খেলুৱৈগৰাকীয়ে অংশ ল’লে এই সৰু ভিডিঅ’টোত।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ড’ৰ ষ্টেডিয়ামত সোমবাৰে লাভলীনা আৰু জুবিন গাৰ্গে একেলগে শ্বুটিঙত অংশ লয়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত এই সৰু ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে। য’ত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলীনা বৰগোহাঁইয়ে।
এই গীতটো শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ জিলা পৰিদৰ্শকৰ যোগেদি সমগ্ৰ ৰাজ্যতে প্ৰচলন কৰিব। গীতটিৰ জৰিয়তে উঠি অহা খেলুৱৈ সকল উপকৃত তথা উৎসাহী হ’ব বুলি আশা কৰা হৈছে।
চৰকাৰৰ এই পদক্ষেপৰ বাবে লাভলীনা আৰু জুবিন গাৰ্গে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক অভিনন্দন জ্ঞাপন কৰে।