মনিপুৰৰ নীলকান্ত শৰ্মা ভাৰতীয় পুৰুষ হকী দলৰ এই মিডফিল্ডাৰ জনে ভাৰতীয় হকী দলৰ হৈ লাভ কৰিলে ব্ৰঞ্জৰ পদক।
বৃহস্পতিবাৰে ভাৰতীয় হকী দলে ব্ৰঞ্জ পদকৰ বাবে খেলা খেলখনত ৫-৪ গলৰ ব্যৱধানত জয় লাভ কৰাৰ লগে লগে উত্তৰ-পূববাসীৰ মাজত আনন্দৰ জোঁৱাৰ উঠে।
মীৰাবাই চানু ,লাভলীনা বৰগোঁহাইৰ পিছত টকিঅ’ অলিম্পিক ২০২০ত উত্তৰ-পূবৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি তৃতীয় গৰাকী খেলুৱৈ নিজৰ নাম লিখিলে অলিম্পিক ইতিহাসৰ পাতত।
ভাৰতীয় দলটোৰ বিজয়ৰ খবৰ বিয়পি পৰাৰ লগে লগে গৃহ ৰাজ্য মনিপুৰত ৰাইজৰ মাজত উলাহে নধৰা হৈ পৰে।মনিপুৰবাসী ৰাজপথলৈ ওলাই আহি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়।
২০১৬ চনত ভাৰতীয় দলৰ হৈ জুনিয়ৰ বিশ্বকাপত অংশ লৈ জয়ী হোৱা নীলকান্ত পিছলৈ চিনিয়ৰ দলটো স্থান লাভ কৰিছিল।এইবাৰ অলিম্পিকৰ ব্ৰঞ্জ পদক লাভ কৰি আনন্দিত হৈ পৰে খেলুৱৈ জন।
লগতে ধাৰাবাহিকভাৱে মনিপুৰলৈ অহা অলিম্পিকৰ দ্বিতীয়টো বিজয়ত অতিকৈ আনন্দিত হৈ পৰিছে মনিপুৰবাসী।