“তেওঁ মোক সৰগৰ পৰা চাই আছে আৰু আশীৰ্বাদ দিছে……মই সোণ জয় কৰিম বুলি ভবা নাছিলোঁ, কিন্তু কিবা এটা কৰাৰ মন বান্ধিয়েই আহিছিলোঁ…. মই অলিম্পিকৰ অভিলেখ ভংগ কৰাৰ ইচ্ছা কৰিছিলোঁ।”
২০২১ ৰ ৭ আগষ্ট শনিবাৰ । এই দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক দিন হৈ ৰ’ব। এইবাবেই যে এই দিনটোতেই ভাৰতৰ ক্ৰীড়া ইতিহাসত এক বৰ্ণিল অধ্যায় ৰচনা কৰি চুৱেদাৰ নীৰজ চোপ্ৰাই অলিম্পিকৰ জেভলিন থ্ৰ’ত প্ৰথমটো সোণ আনিবলৈ সক্ষম হ’ল।অৰ্থাৎ ১৩৮ কোটি জনতাক গৌৰাৱাম্বিত কৰি ট্ৰেক এণ্ড ফিল্ডত ভাৰতলৈ আহিল প্ৰথমটো সোণ।
বেইজিং অলিম্পিক ২০০৮ ত শ্বুটাৰ অভিনৱ বিন্দ্ৰাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰাৰ লগতে নীৰজ হৈছে ভাৰতৰ হৈ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় খেলুৱৈ।ইয়াৰ পূৰ্বে ১৯৬০ চনত মিলখা সিং আৰু ১৯৮৪ চনত পি টি উষাই নিচেই সামান্য ব্যৱধানত সোণ প্ৰাপ্তিৰ পৰা বাদ পৰিছিল।
১০০ বছৰতকৈ অধিক সময় অপেক্ষাৰ অন্ত পেলাই অৱশেষত দেশৰ ত্ৰিৰংগা উৰিল বিশ্বখ্যাত টকিঅ’ অলিম্পিকৰ এথেলেটিকছত। শনিবাৰে এই ঐতিহাসিক দিনটোত ৮৭° ৫৮ মিটাৰ থ্ৰ’ কৰি বিজয় সাব্যস্ত কৰে চোপ্ৰাই।উল্লেখযোগ্য যে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাতেই নীৰজে ৮৬°৬৫ মিটাৰ জেভলিন থ্ৰ’ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।আৰু ফাইনেলৰ প্ৰথম ৰাউণ্ডত ৮৭°০৩ মিটাৰ থ্ৰ’ কৰে।
সেইদৰে দ্বিতীয় ৰাউণ্ডত ৮৭°৫৮ মিটাৰ থ্ৰ’ কৰে। অৱশ্যে তৃতীয় ৰাউণ্ডত নীৰজে ৭৬° ৭৯ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হৈছিল যদিও চতুৰ্থ আৰু পঞ্চম ৰাউণ্ডত নীৰজৰ ৰেকৰ্ড কোনো এগৰাকী প্ৰতিদ্বন্দীয়ে চুব নোৱাৰিলে। মিলখা সিঙৰ লগতে সোণৰ পদক জয় কৰি পি টি উষাৰ নামো ললে নীৰজ চোপ্ৰাই।
”এই পদক পি টি উষাৰ বাবেও, যি অলিম্পিক পদকৰ নিচেই ওচৰ চাপিও পদক লাভ নকৰিলে।” পদক জয় কৰি আবেগিক হৈ পৰা চোপ্ৰাই কয় যে, যেতিয়া দেশৰ ত্ৰিৰংগা ওপৰলৈ উঠি আছিল আৰু ৰাষ্ট্ৰীয় সংগীত বাজি আছিল ,তেতিয়া মোৰ স্বদেশলৈ মনত পৰি কান্দি দিবৰ মন গৈছিল।
পূৰ্বৰ পৰাই সোণৰ পদকৰ প্ৰৱল দাবীদাৰ নীৰজ চোপ্ৰাই সেইয়া কৰি দেখুৱালে। ভাৰতৰ ক্ৰীড়া ইতিহাসত বৰ্ণিল অধ্যায় ৰচনা কৰা চোপ্ৰাই এই পদক উৰন্ত শিখ মিলখা সিঙলৈ উচৰ্গা কৰিলে।উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছিল মিলখা সিঙৰ।
ইফালে নীৰজ চোপ্ৰাৰ এই বিজয়ত গৃহ ৰাজ্য হাৰয়ানা চৰকাৰে ৬ কোটি টকা ঘোষণা কৰিছে। লগতে উত্তৰ পূবৰ মনিপুৰ চৰকাৰেও জৰুৰী কেবিনেট বৈঠকত নীৰজ চোপ্ৰাক ১ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।