প্ৰায় শ বছৰ অপেক্ষাৰ অন্ত পেলাই টকিঅ‘ অলিম্পিকত সোণৰ পদক আজুৰি আনিলে নীৰজ চোপ্ৰাই। জয়ৰ পাছতে এতিয়া যেন পুৰস্কাৰৰ বৰষুণহে পৰিছে খেলুৱৈ জনৰ ওপৰত।
বহু কোটি টকা আৰ্থিক পুৰস্কাৰৰ উপৰিও গাড়ী,এবছৰলৈ বিনামূলীয়া বিমান সেৱাৰ সুবিধাও লাভ কৰিছে খেলুৱৈজনে।ইমানখিনি আৰ্থিক পুৰস্কাৰ পোৱাৰ পিছত অৱশ্যে ইয়াৰ বহুখিনি অংশ কৰ হিচাপে পৰিশোধ কৰিব লাগিব খেলুৱৈজনে।
ঘোষণা অনুসৰি হাৰয়ানা চৰকাৰে ৬ কোটি টকা পুৰস্কাৰ প্ৰদান কৰাৰ লগতে পাঞ্জাৱ চৰকাৰে ২ কোটি,বিচিচিআয়ে ১ কোটি,চিএচকে ১ কোটি, মণিপুৰ চৰকাৰে ১ কোটি,বিৱাইজেইউএচয়ে ২ কোটি,আনন্দ মাহিন্দ্ৰাই এক্সইউভি ৭০০ গাড়ী, ইলান গ্ৰুপে ২৫ লাখ টকা উপহাৰ আগবঢ়াইছে খেলুৱৈজনক।
এই পুৰস্কাৰে যদিও খেলুৱৈ জন অজস্ৰ ধন-সম্পত্তিৰ গৰাকী কৰিলে তথাপি কিন্তু এই ধন-সম্পদৰ বিনিময়ত খেলুৱৈজনে ভৰিব লাগিব বহুখিনি কৰ। জানিব পৰা মতে এই বিপুল পৰিমাণৰ ধনৰাশিৰ বাবদ এতিয়া খেলুৱৈজনে দিব লাগিব মুঠ ৩০% কৰ।