চলিত টকিঅ‘ অলিম্পিকত ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুয়ে জয়ৰ ধাৰা অব্যাহত ৰাখি ছেমিফাইনেলত প্ৰবেশ কৰিছে।শুক্ৰবাৰে অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত সিন্ধুয়ে জাপানৰ বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ শ্বাটলাৰ আকানে য়ামাগুচিক পোনপটীয়া ছেটত পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।
প্ৰথমটো ছেটত ২১-১৩ লাভ কৰা সিন্ধুয়ে দ্বিতীয়টো ছেটত প্ৰত্যাহ্বানৰ সন্মুখীন হ‘য় যদিও দৃঢ়তাৰে খেলি ২২-২০ ব্যৱধানত পইন্ট লাভ কৰি অন্তিম চাৰিত প্ৰবেশ কৰে।ছেমিফাইনেলত সিন্ধু মুখামুখি হ‘ব চাইনিজ টাইপেৰ টি ৱাই টাইৰ লগত।
এতিয়া দেশবাসীৰ আশা কৰিছে সিন্ধুয়ে টকিঅ‘ অলিম্পিকতো পদক আনিব।যিহেতু অনুৰাগীয়ে আশা কৰাৰ দৰে চমকপ্ৰদ অভিযান আৰম্ভ কৰিছে ভাৰতৰ পূৰ্ব অলিম্পিক পদক বিজয়ী সিন্ধুয়ে।উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয় মেচত জয়েৰে প্ৰি –কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছিল সিন্ধু।
বিগত ৰিঅ‘ অলিম্পিকত ৰূপৰ পদক জয় কৰি ভাৰতৰ সন্মান ৰক্ষা কৰা মহিলা শ্বাটলাৰ পি ভি সিন্ধু চলিত অলিম্পিকতো জয়ৰ ধাৰা অব্যাহত ৰাখিছে।গ্ৰুপৰ দ্বিতীয় খেলখনত হংকঙৰ চেওং নগান য়িৰ বিৰুদ্ধে মুখামুখি হোৱা সিন্ধু হেলাৰঙে মেচখনত ২১-৯,২১-১৬ ৰ ব্যৱধানত জয়ী হৈ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল।
একেদৰে গ্ৰুপৰ প্ৰথম খেল খনত সিন্ধুয়ে ২১-৭,২১-১০ ৰ ব্যৱধানত ইজৰাইলৰ প‘লিক‘ৰ্পভাক পৰাস্ত কৰিছিল। এই সকলো দিশ চালি-জাৰি চাই ক’ব পাৰি যে জীৱনৰ প্ৰথম অলিম্পিক ৰিঅ‘ ত তীব্ৰ মানসিক চাপৰ মাজতো দৃঢ়তাৰে খেলি দেশবাসীক ৰূপৰ পদক উপহাৰ দিছিল ভাৰতৰ তাৰকা খেলুৱৈ গৰাকীয়ে।একেদৰে টকিঅ‘ অলিম্পিকতো সিন্ধুৰ জয়যাত্ৰা আশা কৰিছে দেশবাসীয়ে।