বিশ্বৰ সৰ্ববৃ্হৎ ক্ৰীড়া মহোৎসৱ টকিঅ‘ অলিম্পিক ত ৰূপৰ পদক বুটলি ভাৰতৰ মান ৰাখিলে মণিপুৰৰ যুৱতী মীৰাবাঈ চানুয়ে।২৬ বছৰীয়া ভাৰত্তোলকগৰাকীয়ে শনিবাৰে টকিঅ‘ অলিম্পিকৰ দ্বিতীয় দিনা ভাৰতক ৰূপৰ পদক উপহাৰ দিয়ে।
উত্তৰপূবৰ এই ভাৰত্তোলকগৰাকীয়ে অলিম্পিকৰ ভাৰত্তোলন ইভেন্টত ভাৰতৰ বাবে এক দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই ২১ বছৰৰ পিছত এই জয়ৰ সোৱাদ দিয়ে।
কিন্তু ইয়াৰ মাজতে বলীউডৰ বিশিষ্ট অভিনেত্ৰী ৰেখাই উত্তৰপূবৰ যুৱতী সকলকলৈ ভাৰতৰ অন্য প্ৰান্তৰ লোকে কৰা মন্তব্যক লৈ সৰৱ হৈ পৰা দেখা গৈছে।
চ‘ছিয়েল মিডিয়াৰ যোগে ক্ষোভ উজাৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে ক‘য় যে “ যদি আপুনি এই ছোৱালীবোৰক দিল্লীত দেখে,আপুনি তেওঁলোকক চিংকি , চাইনীজ আৰু কি কি নামেৰে সম্বোধন কৰে?
তেওঁলোকক আপোনালোকে আনকি ঘৰ এটাও ভাড়াত দিবলৈ বেয়া পায়। সকলো ক্ষেত্ৰতে তেওঁলোকক আপোনালোকে সন্দেহ কৰে। মানসিক অত্যাচাৰ কৰে।কিন্তু যেতিয়া মণিপুৰী ছোৱালীবোৰে অলিম্পিকত পদক আনি আপোনাৰ নাক ৰাখে, তেতিয়া আপুনি তেওঁলোকক দেশৰ গৌৰৱ বুলি কোৱা আৰম্ভ কৰে।
মণিপুৰৰ এই ছোৱালীবোৰে প্ৰতিবাৰেই পদক আনি দেশৰ নাম উজ্জল কৰে লগতে আপোনালোকৰ মুখত থু মাৰে। এই একেটা কাম এইবাৰো মীৰাবাঈ চানুৱে কৰিলে। আজি এনে সময়ত মীৰাবাঈৰ বাবে মই গৌৰাৱাম্বিত আৰু ধিক্কাৰ দিছো আপোনাৰ মানসিকতাৰ ওপৰত।“
ইম্ফলৰ দুৰ্গম অঞ্চলৰ পৰা ওলাই যোৱা মণিপুৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা মীৰাবাঈ চানুক লৈ আজি দেশবাসীয়ে মূৰ তুলি থিয় দিছে।বিশ্বখ্যাত অলিম্পিকৰ দ্বিতীয় দিনাই ৪৯ কেজি শাখাত মুঠ ২০২ কেজি ভাৰ উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে মণিপুৰী খেলুৱৈ গৰাকীয়ে।
ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰখনত উত্তৰপূবৰ অৱদানক প্ৰতিজন ভাৰতীয়ই স্বীকাৰ কৰে যদিও বিভিন্ন সময়ত উত্তৰ পূবৰ যুৱ প্ৰজন্মই দিল্লী বা অন্য ৰাজ্যত চৰম মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ খবৰেও বিঘ্নিত কৰে উত্তৰপূববাসীক।তেনেক্ষেত্ৰত বলীউডৰ বিশিষ্ট অভিনেত্ৰী গৰাকীৰ এই মন্তবই এতিয়া বিৰূপ মন্তব কৰা সকলৰ বাবে জুকৰ মুখত চূণ সনাৰ দৰে হৈছে।