খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহত ৬টা পদকেৰে শ্ৰেষ্ঠ সাঁতোৰবিদ সন্মান লাভ কৰা অসমৰ শিৱাংগী শৰ্মা পুনৰ এটা বছৰৰ অন্তত উজ্বলিছে চুইমিং পুলত৷ ২৬অক্টোবৰৰ পৰা বেংগলুৰুত আৰম্ভ হোৱা ৭৪ সংখ্যক ৰাষ্ট্ৰীয় একুৱাটিকছ চেম্পিয়নশ্বিপত শিৱাংগীয়ে ৪০০ মিটাৰ ফ্ৰীষ্টাইলত ৪মিনিট ৩১.৮৬ছেকেণ্ডেৰে স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়৷আনহাতে ২৭ তাৰিখে ১০০মিটাৰ ফ্ৰিষ্টাইলত ভাগ লোৱাৰ লগতে পৰৱৰ্তী সময়ত তেওঁ ৫০মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ’ক ইভেণ্টতো ভাগ লোৱাৰ কথা আছে৷
ইফালে জুনিয়’ৰ ৰাষ্ট্ৰীয় সাঁতোৰত দুটাকৈ অভিলেখ সৃষ্টি কৰি উজ্বলি উঠা আন এগৰাকী অসম সন্তান আস্থা চৌধুৰীয়েও ভাগ ল’ব ২০০মিটাৰ ইভেণ্টত৷