এছিয়ান য়ুথ অনলাইন দবা প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সুস্মিতা ভৌমিকে৷১৮বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত স্বৰ্ণ পদক লাভ কৰিছে সুস্মিতাই৷নৱম ৰাউণ্ডত তেওঁ পৰাজিত কৰে মহম্মদী মেলিকা নামৰ ইৰানৰ খেলুৱৈ গৰাকীক৷৯ৰাউণ্ডৰ প্ৰতিযোগিতাত সুস্মিতাই লাভ কৰে ৭ পইণ্ট আনহাতে ৬.৫ পইণ্টেৰে ভাৰতৰ ছালোনিকা ছাইনাই ৰূপ আৰু ৬.৫ পইণ্টেৰে মেলিকাই ব্ৰ’ঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷
এছিয়ান চেছ ফেডাৰেচনৰ সৌজন্যত প্ৰতিযোগিতাখন আয়োজন কৰিছিল অল ইণ্ডিয়া চেছ ফেডাৰেচনে৷