অসম কন্যা লাভলীনা বৰগোঁহায়ে ইতিহাস ৰচিলে।দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতৰ বাবে নিশ্চিত কৰিলে পদক। অলিম্পিকৰ ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ‘ল লাভলীনা ।
আজি ভাৰতীয় সময় মতে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন নিয়েনক ৪-১ ৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰবেশ কৰে।লাভলীনাৰ এই জয়ে ভাৰতৰ বাবে টকিঅ‘ অলিম্পিকৰ দ্বিতীয়টো পদক নিশ্চিত কৰিলে।
গোলাঘাট জিলাৰ বৰপথাৰৰ এখনি সৰু ঠাই বাৰমুখীয়াৰ পৰা ওলাই যোৱা লাভলীনাৰ বাবে এই যাত্ৰা একেবাৰে সহজ নাছিল।নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱা লাভলীনাৰ কঠোৰ সাধনাই অৱশেষত ৰং আনিলে। নিশ্চিত হ‘ল পদক জিকাৰ সপোন।
পুৱা লাভলীনাৰ এই বিজয়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা গৃহভূমি গোলাঘাটতো এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰিছে।বৰপথাৰ বাৰমুখীয়াৰ ঘৰখনটো শুভেচ্ছা জনোৱা মানুহৰ সোঁত বৈছে।
উল্লেখযোগ্য যে লাভলীনাৰ পিতৃ – মাতৃয়ে এইপৰ্যন্ত লাভলীনাৰ খেল উপভোগ কৰা নাই। আজি পুৱাৰ ভাগত লাভলীনাৰ মাতৃ মামনি বৰগোঁহাইৰ লগত হোৱা টেলিফ‘নিক বাৰ্তালাপত এই কথা কয় মাতৃ গৰাকীয়ে।কোৱাৰ্টাৰ ফাইনেল ,ছেমিফাইনেল এই দুয়োখন খেল উপভোগ নকৰা পিতৃ-মাতৃয়ে অৱশ্যে দেৰিকৈ চাব বুলিও উল্লেখ কৰে।
২০১২ চনত প্ৰথম বাৰৰ বাবে বক্সিং ৰিংত প্ৰৱেশ কৰা লাভলীনাই ইয়াৰ পূৰ্বে কিক বক্সিং খেলিছিল। আৰু কিকবক্সিংটো লাভলীনাই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক পাবলৈ সক্ষম হৈছিল।
প্ৰচাৰ বিমুখ লাভলীনাৰ দৃঢ়তাই অৱশেষত তেওঁৰ ইপ্সিত লক্ষত উপনীত হোৱাৰ দিশত এখোজ আগবঢ়াই দিলে। সম্বৰ্ধনা, সংবাদমাধ্যম আদিৰ পৰা আতৰি থকা লাভলীনাৰ একমাত্ৰ লক্ষ্য আছিল অলিম্পিক খেলা।সেই উদ্দেশ্য আগত ৰাখি সুদীৰ্ঘ সময় নিজকে শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তত কৰি তুলিছিল খেলুৱৈ গৰাকীয়ে।
যাৰবাবে বহু কোম্পানীৰ পৰা অহা বিজ্ঞাপনৰ সুযোগো গ্ৰহণ কৰা নাছিল লাভলীনাই।আনৰ জাৰ্চি পিন্ধি বক্সিং ৰিংত প্ৰবেশ কৰা লাভলীনাই আৰ্থিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰি আজি নিজৰ লক্ষ্যত উপনীত হ‘ল। আৰু প্ৰমাণ কৰিলে নিজৰ লক্ষ্য স্থিৰ থাকিলে যে কোনো বাধা হেঙাৰ হ‘ব নোৱাৰে।
এতিয়া দেশবাসীৰ আশা আৰু আৰ্শীবাদ যে অসম জীয়ৰী লাভলীনাই দেশৰ বাবে সোণৰ পদক কঢ়িয়াই আনিব।