VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ দিশে অগপঃ অতুল বৰা

voicedesk by voicedesk
May 26, 2023
in মুখ্য সংবাদ
নতুন বছৰটো ভাতৃত্ববোধ, আত্মনিৰ্ভৰশীলতাৰ বছৰৰ সংকল্প অগপৰঃ অতুল বৰা
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ২৬ মে’ – লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰে আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ বিষয়ববীয়াসকলৰ সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সভাপতিত্ব কৰা সভাত তৃণমূল পয্যায়ত অহা দুমাহৰ ভিতৰত সকলো বুথ সমিতি গঠন সম্পূৰ্ণ কৰি সাংগঠনিক কাঠামো শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰা হয়। সভাই আগন্তুক দুমাহৰ বাবে সাংগঠনিক কৰ্মসূচী গ্ৰহণ কৰে। কলিয়াবৰ, মঙ্গলদৈ, তেজপুৰ, নগাওঁ, গুৱাহাটী, কৰিমগঞ্জ, শিলচৰ আৰু বৰপেটা লোকসভা সমষ্টি ভিত্তিত বিশাল কৰ্মকৰ্তা সন্মিলনে দলীয় সদস্যসকলক উৎসাহিত কৰাৰ পিছত অহা ২৯ মে’ তাৰিখে ডিব্ৰুগড় আৰু ৪ জুন তাৰিখে লখিমপুৰ লোকসভা সমষ্টি ভিত্তিত একেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুৰূপ ধৰণে যোৰহাট, ধুবুৰী, কোকৰাঝাৰ আৰু ডিফু লোকসভা সমষ্টিটো পৰৱৰ্তী সময়ত এনেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, সম্পাদক সকলৰ লগতে প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি আৰু তিনিগৰাকীকৈ বিষয়ববীয়া উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাত সভাপতি বৰাই কয় যে, আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে অসম গণ পৰিষদ দলকো সৰ্বস্তৰতে শক্তিশালী কৰিব লাগিব। দলীয় কৰ্মসূচীৰ উপৰিও ভাতৃ-ভগ্নী সংগঠন সমূহৰো সুকীয়া সুকীয়া কৰ্মসূচীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত দলক সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি ২০২৫ চনত দল ৪০ বছৰীয়া হবলৈ অগ্ৰসৰ হোৱা সময়ত বছৰজোৰা সামাজিক, ৰাজনৈতিক আৰু সাংগঠনিক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পোষকতা কৰে।

দলৰ সংবিধান সংশোধনৰ জৰিয়তে সমসাময়িক ৰাজনীতি অথবা সমাজ ব্যৱস্থাৰ লগত প্ৰাসঙ্গীক হোৱাকৈ দলে নতুন চিন্তাৰে আগবাঢ়িব লাগিব। দলৰ সদস্য বৃদ্ধি, দলক অধিক প্ৰচাৰমুখী কৰাৰ ওপৰতো সভাপতি বৰাই গুৰুত্ব দিয়ে। যিকোনো ৰাজনৈতিক কৌশল অৱলম্বন কৰি হলেও আগন্তুক লোকসভা নিৰ্বাচনত লোকসভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব। ৰাজ্যখনৰ জনসাধাৰণৰ মনৰ চিন্তা দলৰ জৰিয়তে প্ৰতিফলিত কৰিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি সভাপতি বৰাই মন্তব্য কৰে। সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উদ্দেশ্য বাখ্যা কৰা এই সভাত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই লোকসভা ভিত্তিত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনে দলক নতুন মাত্ৰা প্ৰদান কৰা বুলি উল্লেখ কৰি সাংগঠনিক শক্তিৰে দলটোক আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে। মহন্তই কয় যে, সাংগঠনিক সৱলীকৰণৰ বাবে ভাতৃ-ভগ্নী সংগঠনিক সমূহক শক্তিশালী কৰি বিষয়ববীয়া সকলক সাংগঠনিক কামকাজ সমূহত ক্ষীপ্ৰতাৰে আৰু পূৰ্ণোদ্যমে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

Previous Post

খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

Next Post

বিশিষ্ট শিক্ষাবিদ চিদানন্দ শৰ্মাৰ ৯৫ বছৰ বয়সত মৃত্যু

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশিষ্ট শিক্ষাবিদ চিদানন্দ শৰ্মাৰ ৯৫ বছৰ বয়সত মৃত্যু

বিশিষ্ট শিক্ষাবিদ চিদানন্দ শৰ্মাৰ ৯৫ বছৰ বয়সত মৃত্যু

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7