VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘৰতে বনোৱা নিমখ চেনিৰ পানীৰ পৰিৱর্তে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’আৰএছ খাবলৈ কিয় পৰামর্শ দিয়ে চিকিৎসকে ?

voicedesk by voicedesk
June 1, 2024
in মুখ্য সংবাদ
ঘৰতে বনোৱা নিমখ চেনিৰ পানীৰ পৰিৱর্তে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’আৰএছ খাবলৈ কিয় পৰামর্শ দিয়ে চিকিৎসকে ?
0
SHARES
155
VIEWS
Share on FacebookShare on Twitter

কেতিয়াবা গৰম, কেতিয়াবা আকৌ বৰষুণ ৷ যাৰ বাবে সংক্ৰামক ৰোগ বৃদ্ধি পাইছে ৷ঋতু পৰিবৰ্তনৰ এই সময়ত জ্বৰ-চর্দৰ উপৰি ডিহাইড্ৰেচনৰ সমস্যাতো ভোগে ৷যদি শৰীৰত ডিহাইড্ৰেচন হয় তেন্তে চিকিৎসকে অ’আৰএছ  গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। বহুতে ঘৰতে নিমখ-চেনিৰ পানী প্ৰস্তুত কৰি খায়। কিন্তু চিকিৎসকৰ মতে, ডায়েৰিয়া বা ডিহাইড্ৰেচন হ’লে কেৱল বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’আৰএছহে সেৱন কৰিব লাগে। ঘৰতে  নিমখ আৰু চেনি মিহলাই প্ৰস্তুত কৰা মিশ্ৰণে শৰীৰৰ ক্ষতি কৰিব পাৰে।

 

অ’আৰএছ ৰ অৰ্থ হ’ল অ’ৰেল ৰিহাইড্ৰেচন ছলিউচ্যন ( ‘Oral Rehydration Solution’)। যেতিয়া অন্ত্ৰৰ সমস্যাৰ বাবে শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া প্ৰয়োজনীয় নিমখ আৰু শর্কৰা বাহিৰলৈ ওলাই যাবলৈ আৰম্ভ কৰে। তাৰ পিছত শৰীৰত প্ৰয়োজনীয় পানী আৰু খনিজ লৱণৰ ভাৰসাম্য বজাই ৰাখিবলৈ সমগ্ৰ বিশ্বতে ৰোগীক অ’ আৰ এছ খুৱাই দিয়াৰ প্ৰথা আছে। কিন্তু বহুতে অ’আৰএছৰ পেকেট নাপালে ঘৰতে অ’আৰএছ বনায় খাই । ঘৰতে কেনেকৈ অ’আৰএছ বনাব পাৰি তাৰ কিছু পদ্ধতি ছচিয়েল মিডিয়াতো উপলব্ধ। এনে পৰিপ্ৰেক্ষিতত দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসক পংকজ গাৰ্গে দাবী কৰিছে যে ঘৰতে বনোৱা অ’ আৰ এছ শৰীৰৰ বাবে ভাল নহয়। কাৰণ নিমখ বা চেনিৰ অনুপাত কম- বেছি হয় তেন্তে ই  স্বাস্থ্যকৰ নহয়।

 

চিকিৎসকৰ মতে  এক লিটাৰ পানীৰে অ’ আৰ এছ বনাবলৈ, কিমান নিমখ আৰু কিমান চেনিৰ প্ৰয়োজন হ’ব তাৰ জোখ ঘৰতে প্ৰস্তুত কৰা অ’আৰএছৰ ক্ষেত্ৰত শুদ্ধ নহয়। ফলত হয় নিমখৰ পৰিমাণ বৃদ্ধি পায়, নহয় চেনিৰ পৰিমাণ বৃদ্ধি পায়। দেখা গৈছে যে বহুতে নিমখীয়া পানীৰ সোৱাদ বৃদ্ধিৰ বাবে প্ৰচুৰ পৰিমাণে চেনি ব্যৱহাৰ কৰে । যিটো শৰীৰৰ বাবে উপকাৰী নহয় ৷

 

এতিয়া ঘৰে ঘৰে ভাইৰেল জ্বৰ। বমিৰ লগতে পেটৰ বিষো হোৱা দেখা যায় । এনে ক্ষেত্ৰত ৰোগীক তৎক্ষণাত অ’আৰএছ দিব লাগে। কিন্তু চিকিৎসকে ভাবে যে ইয়াক বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’ আৰ এছহে খুৱাব লাগে। তেওঁলোকৰ পৰামৰ্শ হ’ল অ’আৰএছ ত কেৱল নিমখ আৰু চেনিৰ উপৰি  শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যও বজাই ৰখা উপাদান অধিক যোগ কৰা উচিত । অতি সহজ ভাষাত ক’বলৈ গ’লে ইলেক্ট্ৰ’লাইট হৈছে পানীত থকা কিছুমান খনিজ আয়ন। যেনে- ছডিয়াম, পটাছিয়াম, ক্লৰাইড, কেলচিয়াম, মেগনেছিয়াম ইত্যাদি। শৰীৰত এই খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাটো সুস্থ হৈ থকাৰ বাবে অতি প্ৰয়োজনীয়। ঘৰতে বনোৱা নিমখ-চেনিৰ পানীত এই খনিজ পদাৰ্থ পোৱা নাযায়। গতিকে বিশ্ব  স্বাস্থ্য সংস্থা অনুমোদিত অ’আৰএছ খাবলৈ কোৱা হৈছে। যদি আপুনি বজাৰৰ পৰা অ’আৰএছ ক্ৰয় কৰে  তেন্তে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰিছে নে নাই পৰীক্ষা কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

Previous Post

গ্ৰীষ্মপ্ৰৱাহ ! বিহাৰত যোৱা ৪৮ ঘণ্টাত গৰমৰ বাবে ১৮ জন লোকৰ মৃত্যু

Next Post

থাইৰয়ডৰ বাবে ওজন বৃদ্ধি হৈছে নেকি? কেনেকৈ দ্ৰুতভাৱে হ্ৰাস কৰিব ওজন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
থাইৰয়ডৰ বাবে ওজন বৃদ্ধি হৈছে নেকি? কেনেকৈ দ্ৰুতভাৱে হ্ৰাস কৰিব ওজন

থাইৰয়ডৰ বাবে ওজন বৃদ্ধি হৈছে নেকি? কেনেকৈ দ্ৰুতভাৱে হ্ৰাস কৰিব ওজন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7