VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ চকলাঘাটৰ বিশিষ্ট শিক্ষাবিদ-সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ পৰলোকপ্ৰাপ্তি,গায়ন-বায়নৰে অন্তিম বিদায়

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 15, 2022
in মুখ্য সংবাদ
নগাঁৱৰ চকলাঘাটৰ বিশিষ্ট শিক্ষাবিদ-সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ পৰলোকপ্ৰাপ্তি,গায়ন-বায়নৰে অন্তিম বিদায়
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ খাটোৱাল গাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ,সংস্কৃত পণ্ডিত,সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ ৰবিবাৰে পুৱা পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮২ বছৰ ৷ উল্লেখ্য যে খাটোৱাল গাঁৱৰ শ্ৰীশ্ৰী কছাৰীযোৱা সত্ৰত জন্মগ্ৰহণ কৰা ঘনমোহন গোস্বামীয়ে শিক্ষা সাং কৰি নগাঁৱৰ ডিমৌ,কাছমাৰী আদি অঞ্চলত শিক্ষকতা জীৱন আৰম্ভ কৰি পাছত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে যোগদান কৰি উক্ত বিদ্যালয়তে অধ্যক্ষৰ আসনত অধিষ্ঠিত হয় আৰু ২০০৩ চনত তেওঁ অৱসৰগ্ৰহণ কৰে । সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত ব্যক্তি ৰূপে পৰিচিত গোস্বামীয়ে প্ৰতিটো কথাই অতি ৰসিক আৰু মনোগ্ৰাহীকৈ উপস্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সংস্কৃতৰ শ্লোক আৰু ফকৰা যোজনাৰ তেখেতৰ ভঁৰাল আছিল ৷ তেখেত একাধাৰে সুবক্তা,সু-অভিনেতা আৰু সমাজৰ সকলো দিশৰে অগ্ৰণী ব্যক্তি ৰূপে পৰিচিত আছিল ৷

এগৰাকী সত্ৰাধিকাৰ হিচাপে তেখেত বিভিন্ন ঠাইত শিষ্যসকলক শৰণ-ভজন দি আহিছিল। ২০১২-১৪ বৰ্ষত চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা গোস্বামীয়ে দক্ষিণ-পশ্চিম নগাঁও জিলা সত্ৰ মহাসভা আৰু হাতীচোং কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ সভাপতি আছিল । ইয়াৰ লগতে তেখেত আমৃত্যু পৰ্যন্ত হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷ তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ চকলাঘাট অঞ্চলত শোকৰ ছাঁ পৰে । দুপৰীয়া নশ্বৰদেহ চিকিৎসালয়ৰ পৰা গৃহলৈ অনাৰ পথত হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ কাৰ্যালয়, চকলাঘাট সাহিত্য সভা ভৱন,চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

ইয়াৰ পাছতে খাটোৱাল গাঁৱৰ বাসভৱনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলৰ বিভিন্ন অনুষ্ঠানে নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনায় ৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাট্যকাৰ গম্ভীৰ শইকীয়া,চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্য,চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষীতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া,চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উৎপল হাজৰিকা,সহকাৰী শিক্ষক শোণিত ৰঞ্জন হাজৰিকা, চকলাঘাট ক্ৰীড়া সন্থাৰ সভাপতি অতুল শইকীয়া, সম্পাদক বিকাশ বৰা,হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ সম্পাদক ৰাতুল শইকীয়া, বিষয়ববীয়া লক্ষ্মী শইকীয়া,পুতুল শইকীয়া, ৰাজুমণি বৰা,বিজেপি দলৰ জ্যেষ্ঠ নেতা যজ্ঞেশ্বৰ বৰা,নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধি,খাটোৱাল গাঁও নামঘৰ সমিতিৰ হৈ মিলাৰাম বৰা,পোহৰ বৰা আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি অঞ্চলটোৰ শৈক্ষিক,সামাজিক ক্ষেত্ৰ আৰু ধৰ্মীয় ক্ষেত্ৰখনলৈ গোস্বামীয়ে আগবঢ়াই যোৱা অৰিহণাৰ কথা স্মৰণ কৰে ।

ইয়াৰ পাছতে গায়ন-বায়ন আৰু যথাবিহিত ধৰ্মীয় ৰীতি-নিয়মেৰে ৰাইজে অন্তিম বিদায় জনায় শিক্ষাবিদ তথা সত্ৰাধিকাৰগৰাকীক ৷ তেখেতৰ বিয়োগত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা,বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাৰ লগতে বিভিন্ন জন গুণমুগ্ধ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা শৰণ শিষ্যসকলে গভীৰ দুখ প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নীৰ উপৰি এজন পুত্ৰ,বোৱাৰী,তিনি গৰাকী বিবাহিত জীয়ৰী,জোঁৱাই,দুগৰাকী কনিষ্ঠ ভাতৃ, এগৰাকী জ্যেষ্ঠা আৰু দুগৰাকী ভগ্নীসহ বহু ইষ্ট কুটুম্বক এৰি থৈ গৈছে ৷

Previous Post

আজাদী কা অমৃত মহোৎসৱত নগাঁৱৰ ফুলগুৰিত বাটৰ নাট “কনকলতা” প্ৰদৰ্শন

Next Post

নগাঁৱৰ বঢ়মপুৰত ক্ৰিকেট অকাডেমীৰ আধাৰশিলা স্থাপন, বুজাবুজি চুক্তি সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ বঢ়মপুৰত ক্ৰিকেট অকাডেমীৰ আধাৰশিলা স্থাপন, বুজাবুজি চুক্তি সম্পন্ন

নগাঁৱৰ বঢ়মপুৰত ক্ৰিকেট অকাডেমীৰ আধাৰশিলা স্থাপন, বুজাবুজি চুক্তি সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7