VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ জাজৰিত প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 19, 2022
in মুখ্য সংবাদ
নগাঁৱৰ জাজৰিত প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

২০০২ চনত গুজৰাটত মুছলিম বিৰোধী গণহত্যাৰ সময়ত এক নৃশংস হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছিল। বিলকিছ বানো নামৰ এগৰাকী পাঁচ মহীয়া গৰ্ভাৱতী মহিলাক গণ ধৰ্ষণ কৰাৰ লগতে দুৰ্বৃত্তই মহিলাগৰাকীৰ তিনি বছৰীয়া কন্যা সন্তানসহ পৰিয়ালৰ সাতজনকৈ লোকক নিদাৰুণভাবে হত্যা কৰিছিল ৷ পিছত এই ঘটনাৰ লগত জড়িত এঘাৰজন অপৰাধীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ৷

কিন্তু এই অপৰাধীসকলক গুজৰাটৰ বিজেপি চৰকাৰে শেহতীয়াকৈ শাস্তিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্তক দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গুজৰাট চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি বাছ আস্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰী সকলে “ধৰ্ষণকাৰী-হত্যাকাৰীক মুক্তি কিয় দিয়া হ’ল,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰে জবাব দিয়ক”,“ধৰ্ষণকাৰীক মুক্তি দি নাৰী সমাজক অপমানিত কৰা নচলিব”, “বিলকিছ বানোক ন্যায় প্ৰদান কৰক”,“বিলকিছ বানোৰ ধর্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক”,“ধৰ্ষণকাৰীক নায়ক সজোৱা বিজেপি-আৰ এছ এছ মুদ্দাৰ্বাদ”,“সাম্প্ৰদায়িক সংঘৰ্ষক উৎসাহ যোগোৱাৰ বিৰূদ্ধে ৰাইজ এক হওক” আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

সন্থাৰ উপ সভানেত্ৰী উমা পাটৰৰ লগতে চিমা বৰদলৈ, নিলুফা চুলতানা,জ্যোৎস্না বেগম আৰু ৰূপা বেগমৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে ৷ ইফালে,সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা তথা দলংঘাট ব্লক সমিতিৰ সম্পাদিকা আয়েফা বেগমে এক প্ৰেছ বিবৃতিৰ জড়িয়তে কয় যে–২০০২ চনত গুজৰাটত সংঘটিত হোৱা উক্ত অপৰাধৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আছিল । স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১৫ আগষ্টৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে “অমৃত মহোৎসৱ” উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল ।

কিন্তু এই দিনটোতেই ধৰ্ষণকাৰী আৰু হত্যাকাৰীক মুক্ত কৰাৰ বাবে গুজৰাটৰ বিজেপি চৰকাৰে লোৱা সিদ্ধান্তৰ ভিত্তি কি ! আচলতে সাম্প্ৰদায়িক হত্যা,ধৰ্ষণৰ শাস্তি ৰেহাই দিয়া আৰু সিহঁতৰ ডিঙিত মালা পিন্ধাই,মিঠাই খোৱাই,ভৰি চুই সেৱা কৰি আৰ এছ এছ আৰু বিজেপিয়ে গুণ্ডাৰাজৰ শাসন চলাবলৈ আৰু হিন্দুত্ববাদৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰা সকলক ৰাষ্ট্ৰীয় নায়কৰ সন্মান দিব বিচাৰিছে নেকি ! স্বাধীনতাৰ ৭৫ বছৰৰ পবিত্ৰ দিনটোক আৰ এছ এছ আৰু বিজেপিয়ে ভাৰতৰ নাৰী সমাজৰ বাবে চৰম হতাশা আৰু অপমানৰ দিন কৰি তুলিলে বুলি উল্লেখ কৰি নাৰী সংগঠনটোৰ নেতৃগৰাকীয়ে এই দিনটোতেই বিজেপি চৰকাৰে ধৰ্ষণকাৰী আৰু হত্যাকাৰীক মুক্ত কৰা দিন হিচাপে বাছি লোৱাটো লজ্জাজনক বুলি কয় ।

Previous Post

দৰং জিলাৰ বেচিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

Next Post

ছাত্ৰীক উৎপীড়ন কৰি গ্ৰেপ্তাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ছাত্ৰীক উৎপীড়ন কৰি গ্ৰেপ্তাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ  অধ্যক্ষ

ছাত্ৰীক উৎপীড়ন কৰি গ্ৰেপ্তাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7