কেৰালা চৰকাৰে শিশু শ্ৰমিকৰ বিষয়ে তথ্য প্ৰদান কৰা সকলক ২৫০০/- টকাৰ ইনচেণ্টিভ দিয়াৰ সিদ্ধান্ত লৈছে। শিশু শ্ৰমিকক নিষিদ্ধ কৰা হৈছে আৰু ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰা হৈছে।শিশু শ্ৰমিকৰ বিষয়ে তথ্য জিলা শিশু সুৰক্ষা বিষয়াক প্ৰদান কৰিব লাগিব।
কৰ্তৃপক্ষই তথ্যৰ সত্যতাৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত ধনৰ পৰিমাণ খবৰদাতাৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব।প্ৰদান কৰা বিৱৰণত প্ৰতিষ্ঠানৰ নাম থাকিব লাগে য’ত শিশুৱে কাম কৰে, ঠাইখনৰ নাম, ঠিকনা আৰু আলোকচিত্ৰ, নিয়োগকৰ্তাৰ নাম, আৰু আন যিকোনো বিৱৰণ থাকিব লাগিব। খবৰদাতাৰ পৰিচয় প্ৰকাশ কৰা নহ’ব বুলি সূতটোৱে প্ৰকাশ কৰিছে।
অসমতো এনে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব পাৰে। শিশু শ্ৰম ৰোধ কৰাৰ ক্ষেত্ৰত ই সহায়ক হ’ব পাৰে।