VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ প্ৰথমখন শ্ৰব্য অভিধান মুকলি

অসমীয়া ভাষাক কাৰিকৰী দিশত আগুৱাই নিয়াৰ অন্যতম পদক্ষেপ পদ্মনাথ শ্ৰব্য অভিধান

voicedesk by voicedesk
June 20, 2023
in মুখ্য সংবাদ
অসমৰ প্ৰথমখন শ্ৰব্য অভিধান মুকলি
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২০ জুন ঃ অসম প্ৰকাশন পৰিষদৰ সভাঘৰত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি মুকলি কৰে ‘পদ্মনাথ শ্ৰব্য অভিধান’৷ অসম প্ৰকাশন পৰিষদে যোৱা তিনি-চাৰি বছৰ ধৰি একাণপতীয়া প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা এই অভিধানখনিয়ে অসমীয়া ভাষাক এক মৰ্যাদাপূৰ্ণ স্থানলৈ উন্নীত কৰাত সহায়ক হ’ব৷ উল্লেখ্য যে এই অভিধানখনত শব্দ, শব্দৰ অৰ্থৰ লগতে উপ-শব্দ আৰু এই উপ-শব্দৰ অৰ্থসমূহ থকাৰ উপৰি ডিজিটেল মাধ্যমত এই শব্দসমূহৰ ধবনিও উপলব্ধ হ’ব৷ ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি‍ সম্বলিত আৰু প্ৰতিটো শব্দৰ ইংৰাজী অৰ্থ থকা এইখনেই হৈছে প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান৷
ভাষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰত অভিধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ বৰ্তমানৰ ডিজিটেল যুগত এনে অভিধান ভাষাৰ বিকাশৰ দিশটো অতি গুৰুত্বপূৰ্ণ বিষয়৷ ডিজিটেল মাধ্যমৰ লগতে শ্ৰব্য ৰূপত এখন অভিধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অসমীয়া ভাষাক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰে৷ বৰ্তমানে কম্পিউটাৰ আৰু মোবাইল ফোনৰ বহুল ব্যৱহাৰৰ বাবেই আমাৰ সমলবোৰ এই জগতত উপলব্ধ কৰাৰ কোনো বিকল্প নাই৷ অসম প্ৰকাশন পৰিষদে অসমীয়া ভাষাৰ প্ৰযুক্তিগত বিকাশৰ বাবে বিভিন্ন দিশত চিন্তা-চৰ্চা কৰি অহাৰ ফলশ্ৰুতিতে‍ এনে এখন অভিধান অসমত পোন প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছিল৷ এই অভিধানখনৰ তাত্ত্বিকদিশৰ লগত ভিন্ন সময় ধৰি জড়িত কেইগৰাকীমান উৎসাহী আৰু অভিজ্ঞ ব্যক্তিৰ সহযোগতেই ‘পদ্মনাথ শ্ৰব্য অভিধান’ আজি ৰাইজৰ হাতত তুলি দিব পৰা হৈছে৷ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামেৰেই ‘পদ্মনাথ শ্ৰব্য অভিধান’ বুলি নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ২০২০ চনত এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল৷
প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে এই ডিজিটেল অভিধানখনৰ ভেটি হিচাপে গ্ৰহণ কৰা হৈছিল ডক্টৰ মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ দ্বাৰা সংকলিত আৰু সুমন্ত চলিহাৰ দ্বাৰা সংশোধিত আৰু সম্পাদিত ‘আধুনিক অসমীয়া অভিধান’ৰ একবিংশ সংস্কৰণটো৷ উক্ত অভিধানখনত মূল আধুনিক অসমীয়া অন্তৰ্ভুক্ত নোহোৱা আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি আৰু ইংৰাজী অৰ্থ সংযোগ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সেই সূত্ৰে এইখন অভিধানক আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান বুলি ক’ব পাৰি৷ মন কৰিব লগা যে অভিধানখন প্ৰথমতে কেৱল কম্পিউটাৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও প্ৰয়োজনীয়তা আৰু ব্যৱহাৰযোগ্যতাৰ প্ৰতি দৃষ্টি ৰাখি অভিধানখন মোবাইল ফোনৰ এপ হিচাপেও মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য, আন্তঃৰাষ্ট্ৰীয় ধবনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল ‘পদ্মনাথ শ্ৰব্য অভিধান” প্ৰকল্পত মুখ্য সংযোজক তথা প্ৰকাশক হিচাপে আছে– অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সামগ্ৰিক পৰিকল্পনা, আৰ্হি প্ৰস্তুত কৰোঁতা ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা আৰু ডক্টৰ গুণদীপ চেতিয়া, ধবনি-লিপ্যন্তৰকৰণ, তথ্য পুনৰীক্ষন ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা, চিষ্টেম ডিজাইন আৰু প্ৰগ্ৰেমিং ডক্টৰ গুণদীপ চেতিয়া আৰু অংশুমান বড়া, ইংৰাজী অৰ্থ পুনৰীক্ষন ডক্টৰ মৃদুল বৰদলৈ, কণ্ঠ অৱনী কুমাৰ বৰা আৰু ডক্টৰ গায়ত্ৰী মহন্ত, তথ্য অন্তৰ্ভুক্তি ৰেহেনা আখতাৰা, জুলুশ্ৰী গগৈ আৰু অৰ্ণৱ শৰ্মা, বাণীবন্ধন সহযোগী –দীপক কুমাৰ দত্ত [মুখ্য শব্দ অভিযন্ত্ৰা, জ্যোতি চিত্ৰবন], মনোজ দাস [বাণীবন্ধন বিষয়া, জ্যোতিচিত্ৰবন] আৰু লগ’ ডিজাইন কৰোঁতা–ৰাজু গোহাঁই৷
এই অভিধানখনৰ এপটো মোবাইল ফোনৰ প্লে-ষ্ট’ৰলৈ গৈ Padmanath Audio Dictionary টাইপ কৰি চাৰ্চ
কৰিলেই পোৱা যাব৷ আগ্ৰহীসকলে প্লে-ষ্ট’ৰৰ পৰা Padmanath Audio Dictionary এপটো মোবাইল ফোনত সহজেই ইনষ্টল কৰি ল’ব পাৰিব৷ ইয়াৰ জৰিয়তে সকলোৱে নিজৰ নিজৰ মোবাইল ফোনত এই৷ ব্য অভিধানখন বিনামূল্যে পাবলৈ সক্ষম হ’ব৷ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বৰ্ণমালা, আখৰ শিকোৱাৰ বাবেও এই শ্ৰব্য অভিধানখন বিশেষভাৱে উপযোগী হ’ব বুলি ক’ব পৰা যায়৷ অসমীয়া ভাষা শিকিব খোজা অনা-অসমীয়া আৰু ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীসকলক ‘পদ্মনাথ শ্ৰব্য অভিধান’খনে ভালদৰে উপকৃত কৰিব পাৰিব৷
আজি প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত এই অভিধানখনি উন্মোচন কৰি
পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে কয়–‘‘এখন ছপা অভিধান আৰু এখন শ্ৰব্য ডিজিটেল অভিধানৰ প্ৰস্তুত কাৰ্য একে নহয়৷ কিন্তু এই কাৰ্য সম্পন্ন কৰিবলৈ লওঁতে ভবাতকৈও অধিক জটিলতাৰ সন্মুখীন হোৱা দেখা গ’ল৷ এই সকলোবোৰ জটিলতা নেওচি অৱশেষত অভিধানখনি কম্পিউটাৰৰ লগতে মোবাইল ফোনৰ এপ হিচাপেও মুকলি কৰি দিবলৈ পাই অতি আনন্দিত হৈছোঁ৷ অভিধান প্ৰণয়ন আৰু পৰিবৰ্ধন এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া৷ অভিধানখনৰ এই সংস্কৰণত অজানিতে থাকি যোৱা ত্ৰুটিসমূহ পৰৱৰ্তী পৰ্যায়ত শুধৰণি কৰা হ’ব আৰু পৰ্যায়ক্ৰমে ইয়াৰ পৰিবৰ্ধন কৰাৰো প্ৰয়াস অব্যাহত ৰাখিবলৈ প্ৰকাশন পৰিষদ যত্নপৰ হ’ব৷ এনে এটা জটিল কাৰ্য সম্পন্ন কৰাৰ বাবে প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ব্যৱহাৰকাৰীৰ সমাদৰৰ লগতে যুক্তিসন্মত পৰামৰ্শ আগবঢ়ালে পৰিষদৰ শ্ৰম সার্থক হোৱা বুলি অনুভৱ কৰিম৷’’
উল্লেখ্য যে আজিৰ সংবাদমেলত মাননীয় শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ উপৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট অভিধানিক সুমন্ত চলিহা আৰু শ্ৰব্য অভিধান প্ৰস্তুতিৰ সৈতে জড়িত ব্যক্তিসকল উপস্থিত থাকে৷

Previous Post

অসম যুৱ পৰিষদৰ কলাগুৰু বটা প্ৰদান বাঁহীবাদক দীপক শৰ্মাক

Next Post

নগাঁও কলেজ(অট’নমাচ)ত প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁও কলেজ(অট’নমাচ)ত প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা সম্পন্ন

নগাঁও কলেজ(অট’নমাচ)ত প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7