ৰাজ্যৰ যুৱক-যুৱতী সকলৰ বাবে ভাল খবৰ।অসম আৰক্ষীয়ে কনিষ্টবলৰ লিখিত পৰীক্ষাৰ সময় ঘোষণা কৰিছে।অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হব এ.বি- ইউ.বি লিখিত পৰীক্ষা।মঙলবাৰে নিশা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে।
উল্লেখ্য যে ২০১৮চনত প্ৰকাশ পাইছিল ৬৬৬২টা পদৰ বাবে বিজ্ঞাপন।চলিত বৰ্ষত ইতিমধ্যে শাৰীৰিক পৰীক্ষা সম্পূৰ্ণ হৈছিল পদসমূহৰ।শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে বহিব লাগিব এই লিখিত পৰীক্ষাত।
গুৰুত্বপূৰ্ণ কথা মহন্তই সামাজিক মাধ্যমত উল্লেখ কৰা মতে অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা লিখিত পৰীক্ষাৰ বাবে সকলোকে কঠোৰ পৰিশ্ৰমৰ মাজেৰে সাজু হবলৈ আহ্বান জনাইছে।