অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫০বছৰীয়া জন্মজয়ন্তী উদযাপন সদৌ অসম আহোম সভা কেন্দ্ৰীয় সমিতিৰ।১০-১৬ডিচেম্বৰলৈ আহোম সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব বৰেণ্য সাহিত্যিক গৰাকীৰ জন্মজয়ন্তী উৎসৱ।
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব জন্মজয়ন্তীৰ অনুষ্ঠান।বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন এই কথা জানিবলৈ দিয়ে আয়োজন সমিতিয়ে।
অসমীয়া ভাষা-সাহিত্য প্ৰতিষ্ঠা ক্ষেত্ৰত গোঁহাঞিবৰুৱাৰ বৰঙণি অনস্বীকার্য।তেওঁ অসমীয়া ভাষা সাহিত্যৰ বাবে যথেষ্ট ত্যাগ কৰিছে ।অসমীয়া জাতিৰ স্বাভিমান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাত অন্যতম গুৰু দায়িত্ব গ্ৰহণ কৰা জাতিৰ পুৰোধাৰ ব্যক্তি গৰাকীক অসম সাহিত্য সভাই স্বীকৃতি দিয়াত কৃপনালি কৰাৰ অভিযোগ আহোম সভাৰ।গোহাঞিবৰুৱাক সাহিত্য সভাই এলাগী কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক- আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে কয়।
উল্লেখ্য বৰেণ্য সাহিত্যক গৰাকীৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ স্মৃতিত প্ৰদান কৰিব বঁটা। চলিত বৰ্ষত এই বঁটা লাভ প্ৰদান কৰিব ড° অৰবিন্দ ৰাজখোৱাক।
বুধবাৰৰ সংবাদমেলৰ জৰিয়তে আহোম সভাই অসম চৰকাৰক গোঁহাঞিবৰুৱা নামৰ বিশ্ববিদ্যালয় আৰু উদ্যান প্ৰতিষ্ঠা কৰাৰ লগতে এটা প্ৰতিমূৰ্তি স্থাপনৰো আহ্বান জনায়।