দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ “আজাদি কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি শনিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী ফুলগুৰিত এখনি বাটৰ নাট পৰিবেশন কৰা হয় । ৰহা উন্নয়ন খণ্ডৰ “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”ৰ অন্তৰ্গত ফুলগুৰি নীলকণ্ঠ মণ্ডল সংগঠনৰ ব্যৱস্থাপনাত “কনকলতা” নামৰ বাটৰ নাটখনি পৰিবেশন কৰা হয় । নাটখনি পৰিচালনা কৰে দিব্যজ্যোতি মৈধিয়ে ।
উল্লেখ্য যে সামগ্ৰিকভাৱে অংগীৰা ভৰদ্বাজে গোটেই অনুষ্ঠানটি পৰিচালনা কৰা অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজন্ত জে পান্টা, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা,ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰনৱজ্যোতি লহকৰ,নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ,নগাঁও জিলা বিজেপিৰ উপ সভাপতি সুবৰ্ণ সিং,ৰহা আঞ্চলিক পঞ্চায়ত সভাপতি পৱন জ্যোতি বৰকাকতি প্ৰমূখ্যে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ “ফুলগুৰি ধেৱা” স্মাৰকত মাল্য অৰ্পণ কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰু বিজেপি ৰাষ্ট্ৰীয় উপ সভাপতি বৈজন্ত জে পান্তাই । “কনকলতা” নামৰ নাটখনিত অভিনয় কৰে কংকনা দেৱী,লীলাৱতী লস্কৰ বৰুৱা,কৰুণা দাস,ঈৰ্ষা ৰাণী ডেকা,প্ৰতিভা দেৱী,মনিকা ডেকা,মনালিছা ডেকা,মণিষা বৰদলৈ আৰু কস্তুৰীকা ডেকাই । ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰহা উন্নয়ন খণ্ডৰ সমন্বয়ক অংগীৰা ভৰদ্বাজৰ ব্যৱস্থাপনাত প্ৰদৰ্শন হোৱা এই বাটৰ নাটখনিয়ে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে ।