ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ উদ্যোগত অহা ২৫ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব এক বক্তৃতা অনুষ্ঠান।মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত “আধুনিকোত্তৰ ভাৰতত প্ৰাচীন সভ্যতাসমূহৰ সংঘাত আৰু তাৰ নিৰাময়” শীৰ্ষক বিষয়ৰ ওপৰত হ’ব বক্তৃতা।সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে ট্ৰাষ্টৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই।
বক্তৃতা অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা অশ্বিনী উপাধ্যায় , চিয়া ৱাক অফ বৰ্ডৰ অধ্যক্ষ ৱাচিম ঋজভি, অধ্যাপিকা নন্দিতা শইকীয়া আৰু সৰ্বভাৰতীয় পয্যায়ৰ সুবক্তা অংকিতা দত্তই বক্তৃতা প্ৰদান কৰিব বুলি আয়োজক সকলে অৱগত কৰে।