আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ (বিশেষ) ফলাফল ঘোষণা।আজি দিনৰ ১২ বজাত সংসদৰ বিশেষ ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰে ফলাফল।কলা, বিজ্ঞান,বাণিজ্যিক আৰু ভকেচনেল চাৰিওটা শাখাৰ ফলাফল ঘোষণা কৰে সংসদে।
কলা শাখাত পৰীক্ষাত অৱৰ্তীন হৈছিল ৮৭৪গৰাকীৰ শিক্ষাৰ্থী।তাৰে উৰ্ত্তীণ হৈছে ৫০৯গৰাকী।প্ৰথমস্থানত ১০৭গৰাকী, দ্বিতীয় স্থানত ১৩৮গৰাকী, তৃতীয়স্থানত ২৬৪গৰাকীৰ পৰীক্ষাথী উৰ্ত্তীণ।কলা শাখাত উৰ্ত্তীণ হাৰ ৫৮.২৪ গৰাকী।কলা শাখাত উৰ্ত্তীণ ১০০ শতাংশ চাৰিজিলা।বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলা।
বিজ্ঞানশাখাত মুঠ অৱৰ্তীন হৈছিল ৪৬৬গৰাকী শিক্ষাৰ্থী।উৰ্ত্তীণ হৈছে ৩২০গৰাকী শিক্ষাথী।প্ৰথমস্থানত ১৩১গৰাকী, দ্বিতীয়স্থানত ১৭৩ গৰাকী আৰু তৃতীয়স্থানত ১৬ গৰাকী শিক্ষাৰ্থী।উৰ্ত্তীণ হাৰ ৬৬.৬৭শতাংশ।৫খন জিলা বিজ্ঞান শাখাত উৰ্ত্তীণ ১০০শতাংশ।জিলা কেইখন ডিমা হাছাও, কোকৰাঝাৰ শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলা।
বাণিজ্যক শাখাত অৱতীৰ্ণ হৈছিল ৭১গৰাকী।উৰ্ত্তীণ হৈছে ৪২গৰাকী।প্ৰথমস্থান ৮গৰাকী, দ্বিতীয়স্থান ১৩ গৰাকী, তৃতীয়স্থানত ২১গৰাকীৰ।উল্লেখ্য যে বিজ্ঞান শাখাৰ উৰ্ত্তীণ হাৰ ৫৯.১৫শতাংশ।
বাণিজ্য শাখাত ১০০শতাংশ উৰ্ত্তীণ হাৰ ৭খন জিলা।কাছাৰ, ডিব্ৰুগড়, ডিমা হাছাও, যোৰহাট, কৰিমগঞ্জ, লখিমপুৰ, দক্ষিণ শালমৰা।
আনহাতে, ভকেচনেল শাখাত ৩ গৰাকী শিক্ষাৰ্থী অৱৰ্তীন হৈছিল।উৰ্ত্তীণ হৈছে ১গৰাকী।উৰ্ত্তীণ হাৰ ৩৩.৩৩শতাংশ।
উল্লেখ্য বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৪১৪জন।পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল ২০৮২জন পৰীক্ষাথীয়ে।
গুৰুত্বপূৰ্ণ কথা ক’ৰনাৰ বাবে বিশেষ মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত যিসকল ছাত্ৰ-ছাত্ৰীৰ সুখী নাছিল বা অনুতীৰ্ণ হৈছিল সেইসকল শিক্ষাৰ্থীৰ বাবে এই বিশেষ পৰীক্ষা অনুষ্ঠিত হৈছিল।১১অক্টোবৰৰ পৰা ১১নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা।