আজি উত্তৰাখণ্ডৰ ৰামনগৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা।আৰক্ষীৰ সূত্ৰ অনুসৰি আজি ৰাতিপুৱা উত্তৰাখণ্ডৰ ৰামনগৰৰ ধেলা নদীত তেওঁলোকৰ বাহন বাগৰি পৰাৰ ফলত পঞ্জাৱৰ পৰা অহা ন জন পৰ্যটক পানীত ডুব যায় আৰু ইয়াৰ প্ৰবল সোঁতে সকলোকে উটুৱাই লৈ যায় ।
আজি পুৱা প্ৰায় ৫:৪৫ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া পৰ্যটকসকল পঞ্জাৱলৈ উভতি গৈ আছিল।
জানিব পৰা মতে চাৰিটা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও পাঁচজন এতিয়াও বাহনখনত আৱদ্ধ হৈ আছে।
অৱশ্যে নাজিয়া নামৰ এগৰাকী ২২ বছৰীয়া মহিলাক বাহনখনৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে ৰামনগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীয়ে জনায় যে,১০ জন পৰ্যটক ধেলাৰ এখন ৰিজ’ৰ্টত বাস কৰি আছিল