উত্তৰ লক্ষীমপুৰ জিলাৰ নগৰ অঞ্চলৰ এগৰাকী প্ৰতিভাবান সাংস্কৃতিক কৰ্মী তথা উত্তৰ লক্ষীমপুৰ জিলা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁ। নাম মীৰা বেগম।
উত্তৰ লক্ষীমপুৰ সাংস্কৃতিক পথাৰ খনৰ লগত আৰম্ভণিৰে পৰা জড়িত হৈ থকা মীৰা বেগম উত্তৰ লক্ষীমপুৰ জিলাৰ প্ৰখ্যাত নাট্যকাৰ তথা অভিনেতা নাজিম আহমেদৰ পত্নী।
মীৰা বেগম উত্তৰ লক্ষীমপুৰ জিলাৰ এগৰাকী লেখত ল’বলগীয়া সংগীত শিল্পী। তেখেতৰ সঙ্গীত তথা সাংস্কৃতিক দিশত থকা সাধনা সঁচাকৈয়ে বৰ মনোৰম।
যোৰহাটৰ জীয়ৰী আৰু উত্তৰ লক্ষীমপুৰ জিলাৰ বোঁৱাৰী মীৰা বেগম ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত শিল্পী।
সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকাৰ উপৰিও তেখেত উত্তৰ লক্ষীমপুৰ সংগম একাডেমীৰ এগৰাকী শিক্ষয়ত্ৰী।
উত্তৰ লক্ষীমপুৰ জিলাৰ বিভিন্ন অনুষ্ঠানত গীত গোৱাৰ লগতে বিভিন্ন প্ৰান্তত নিজৰ কণ্ঠ নিগৰাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে এই সংগীত শিল্পী গৰাকীয়ে।
যাতে অনাগত দিনবোৰো উত্তৰ লক্ষীমপুৰ জিলাৰ সাংস্কৃতিক ক্ষেত্ৰ খনত এইদৰেই আগুৱাই যায় এই মহান শিল্পী গৰাকী তাৰেই কামনা কৰিলোঁ।