বুধবাৰে নগাঁৱত জলসিঞ্চন,নগৰ-গৃহ উন্নয়ন আদি বিভাগৰ একাধিক চৰকাৰী কাৰ্যসূচী লৈ নগাঁৱলৈ অাহে মন্ত্ৰী অশোক সিংঘাল । নগাঁও জিলাত প্ৰায় ত্ৰিশহাজাৰ হেক্টৰ কৃষিভূমি খৰাঙৰ বাবে চিৰালফাট দিয়াৰ ঘটনাক জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বুলি মন্তব্য কৰে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে ৷ মন্ত্ৰী সিংঘালৰ মতে পূৰ্বতে অসমত পানীৰ সমস্যা নাছিল ৷ বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বাবে এনে পৰিস্থিতি হৈছে ৷ জলসিঞ্চনৰ ব্যৱস্থা লাগে খৰালি সময়ত ৷ পূৰ্বতে এনে সময়ত ধান খেতি কৰিবলৈ পানীৰ অভাৱ হোৱা নাছিল ৷
অহা দিনবোৰত আমি ব্যৱস্থ লৈ আছো ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে জলসিঞ্চনৰ ব্যৱস্থ গ্ৰহণ কৰিবলৈ । ইয়াৰ পাছতে মন্ত্ৰী সিংঘালে “অমৰুট আঁচনি”ৰ ধনেৰে নিৰ্মিত তিনিখনকৈ উদ্যান মুকলি কৰে ৷ মুকলি কৰা উদ্যান তিনিখন হৈছে কলঙৰ পাৰৰ প্ৰণৱ বৰুৱা শিশু উদ্যান,সাৰদাকান্ত বৰদলৈ উদ্যান আৰু মহেন্দ্ৰ নাথ ডেকাফুকন উদ্যান । উদ্যান মুকলিৰ অন্তত “সখী এক্সপ্ৰেছ” আঁচনিৰ অধীনত নগাঁও জিলা প্ৰশাসনে আয়োজন কৰা স্কুটি প্ৰদানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৪০৫ গৰাকী সামূহিক কৰ্মীৰ মাজত মন্ত্ৰীজনে স্কুটি বিতৰণ কৰে ৷ এই কাৰ্যসূচীৰ বাহিৰেও গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিংঘালে নগাঁৱত ৰূপায়িত হ’ব লগা অমৰুট আঁচনিৰ অধীনৰ বিশুদ্ধ খোৱাপানীৰ আঁচনিখন কাম-কাজ পৰ্যবেক্ষণ কৰে ৷ মন্ত্ৰীজনৰ এই কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বিষয়া কবিতা পদ্মনাভন,জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ আদি উপস্থিত থাকে ৷