গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা।দৈনিক গড়ে এটাতকৈও অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত।এই কথা প্ৰকাশ পাইছে কামৰূপ মহানগৰ আৰক্ষীৰ তথ্যত।চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা যোৱা ২০ডিচেম্বৰলৈ মহানগৰীত ৩৭৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। মহানগৰ আৰক্ষীৰ তিনিখন জিলা ক্ৰমে পশ্চিম আৰক্ষী জিলাত মুঠ ১৪১টা, পূৰ্ব আৰক্ষী জিলাত মুঠ ১২৭টা আৰু কেন্দ্ৰীয় জিলাত মুঠ ১০৫টা আত্মহত্যা ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ্ কৰে কামৰূপ মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।
আত্মহত্যা উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে আৰক্ষী ।শণিবাৰে আৰক্ষীৰ যুটীয়া আয়ুক্ত মহন্তই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি- এটাতকৈ অধিক দৈনিক আত্মহত্যা মহানগৰীত সংঘটিত হোৱা বিষয়টো চিন্তা কৰিবলগীয়া।আত্মহত্যাৰ ঘটনা কিহৰ বাবে সংঘটিত হৈ আছে বিষয়টো অধ্যয়ন কৰিবলগীয়া হৈছে।
মানসিক সমস্যাত পৰি আত্মহত্যাৰ পথ বাছি লব যোৱাসকলৰ জীৱন ৰক্ষা কৰিব লাগিব।সমস্যাত থকা মানুহে আত্মহত্যাৰ সিদ্ধান্ত যাতে লব লগা নহয় তাৰ বাবে সমাজৰ সকলোৰে কৰণীয় আছে।মহানগৰ আৰক্ষীয়ে বিষয়তো গুৰুত্বসহকাৰে লোৱা বুলিও যুটীয়া আয়ুক্ত মহন্তই কয়।বিষয়তো সন্দৰ্ভত বিশেষজ্ঞৰ লগত কথা পাতি বিষয়টোৰ ওপৰত অধ্যয়ন কৰা হৈছে। লগতে কেনেকৈ আমি এইসকল লোকক সহায় কৰিব পাৰো, তাৰো চিন্তা কৰা হৈছে। লগতে তেওঁ কয়।
উল্লেখ্য যে শুকুৰবাৰে মহানগৰীৰ ওদালবাক্ৰা মৰ্ডান স্কুলৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱা সন্দৰ্ভত আজি এইদৰে কয় আয়ুক্ত গৰাকীয়ে।