দুৰ্নীতিৰ অভিযোগত কাৰাগাৰৰ আলহী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। কাৰাগাৰতো তেওঁক জেড প্লাছ নিৰাপত্তা দিয়া হৈছে। তথাপিও তেওঁৰ সুৰক্ষাক লৈ আশংকাত ভুগিছে নিৰাপত্তাৰক্ষী ৷ কাৰণ কাৰাগাৰৰ ভিতৰত প্ৰচণ্ড মহ ৷
কেইবাখনো ৰাজ্যত ডেংগু আৰু মহৰ দ্বাৰা সংক্ৰমিত অন্যান্য ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে অন্ধ্ৰ প্ৰদেশৰ ৰাজহমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত ডেংগুত আক্ৰান্ত হৈ এজন কয়দীৰ মৃত্যু হৈছে। আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এতিয়া এই কাৰাগাৰৰ কয়দী । মহে কামোৰাৰ ফলত তেওঁৰ যাতে কোনো ক্ষতি নহয় তাক লৈ চিন্তিত হৈ পৰিছে নিৰাপত্তাৰক্ষী ৷ পাৰ্টিৰ বিষয়ববীয়া সকলোৰো ইয়াক লৈ নিদ্ৰাহৰণ হৈছে ৷
শেহতীয়াকৈ চন্দ্ৰবাবুৰ পুত্ৰ নৰ লোকেশে কয় যে তেওঁৰ পিতৃয়ে মহৰ উপদ্ৰৱ সম্পৰ্কে জেল কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও জেল কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে। চন্দ্ৰবাবুৰ দল টিডিপিৰ অন্ধ্ৰপ্ৰদেশৰ সভাপতি কিঞ্জাৰাপু অচ্চন নাইডুৱে দাবী কৰে যে তেওঁলোকৰ নেতাৰ সুৰক্ষাৰ বাবে ইচ্ছাকৃতভাৱে সুৰুঙা এৰি দিয়া হৈছে। আদালতে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ সুৰক্ষাৰ বাবে প্রয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে ৷ কিন্তু তাৰ পিছতো তেওঁক সেই সুবিধা দিয়া হোৱা নাই।
ইয়াৰ পূৰ্বে চন্দ্ৰবাবু নাইডুৰ কার্যকালৰ বিত্তমন্ত্ৰী য়ানামালা ৰামা কৃষ্ণদুইও কাৰাগাৰত মহৰ প্ৰাদুৰ্ভাৱৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল।অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাই বুলি দাবী কৰে কাৰাগাৰ কৰ্তৃপক্ষই। তেওঁৰ কোঠাটোত বিচনা, আঠুৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে।