গোলাঘাট : গ্ৰাম্য অৰ্থনীতি বিকাশৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “ৰাঙলি আইদেউ তাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্র” ই অহা ৬ ফেব্রুৱাৰীৰ পৰা ১০দিনীয়াকৈ গোলাঘাট সমন্বয় ক্ষেত্ৰ (জেনেৰেল ফিল্ড) আয়োজন কৰা ফুল আৰু বাঁহ খেতিৰ ১০দিনীয়া প্ৰদৰ্শনীমূলক অনুষ্ঠান মহামাৰী কোভিডৰ বাবে স্থগিত ৰাখিছে বুলি বিকাশ কেন্দ্রৰ সভাপতি বীৰেণ গগৈ, সম্পাদক লোহিত গগৈ, প্ৰচাৰ সম্পাদক দীপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিছে।
মহামাৰী কোভিডৰ অন্ত পৰাৰ লগে লগে একে স্থানতে ১০ দিনীয়াকৈ অনুষ্ঠান ভাগি অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।