আজি স্বনামধন্য জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৯সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়।গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আজি বৰেণ্য ব্যক্তি গৰাকীক স্মৰণ কৰি জনতা দিন হিচাপে উদযাপন কৰা হয়।ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ কমিটি, শৰৎ চন্দ্ৰ সিংহ ন্যাস আৰু তেওঁৰ শুভাকাংক্ষীৰ উদ্যোগত আয়োজিত ‘জনতাৰ দিন’শীর্ষক কাৰ্যসূচী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হয়।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অদীপ কুমাৰ ফুকন প্ৰমুখ্যে বহু কেইগৰাকী সমল ব্যক্তি উপস্থিত থাকে।জননেতা গৰাকীৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনৰ বিষয়ে বিস্তৃত আলোকপাত কৰে উপস্থিত থকা ব্যক্তিসকলে।অনুষ্ঠানত থাকি এন চি পি সভাপতি তথা ন্যাসৰ অধ্যক্ষ ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয়- ১৯৯৩চনৰ পৰা প্ৰতি বছৰে জনতাৰ দিন হিচাপে তেওঁৰ জন্ম দিনটো পালন কৰি অহা হৈছে।জননেতাৰ প্ৰাসংগিকতা আজি হয়তো উপলব্ধি কৰা নাই কিন্তু এটা সময় আহিব যি ধৰণে কিছুবছৰ আগলৈ জ্যোতিপ্ৰসাদ আৰু কলাগুৰুক মনত পেলোৱা নাছিল তেওঁলোকৰ প্ৰাসংগিকতা বৰ্তমান আহি পৰিছে ঠিক তেনেদৰেই অনাগত দিনত নতুন প্ৰজন্মই তেখেতৰ প্ৰাসংগিকতা উপলব্ধি কৰিব- অধিকাৰীয়ে কয়।