VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জন্মু-কাশ্মীৰত সীমা সুৰক্ষা বাহিনী(BSF)ৰ উপ-পৰিদৰ্শক দুলাল চন্দ্ৰ শৰ্মাৰ অকাল মৃত্যু, বেবেজীয়াৰ উপৰি জন্মস্থান ঘাঁহীত শোকৰ ছাঁ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
September 22, 2022
in মুখ্য সংবাদ
জন্মু-কাশ্মীৰত সীমা সুৰক্ষা বাহিনী(BSF)ৰ উপ-পৰিদৰ্শক দুলাল চন্দ্ৰ শৰ্মাৰ অকাল মৃত্যু, বেবেজীয়াৰ উপৰি জন্মস্থান ঘাঁহীত শোকৰ ছাঁ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

জম্মু কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত অসমৰ এগৰাকী ভাৰতীয় সীমা সুৰক্ষা বাহিনী(BSF)ৰ বিষয়াৰ অকাল মৃত্যুৰ বাতৰি পোৱা গৈছে । অকাল মৃত্যুক আঁকোৱালি লোৱা ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ বিষয়াজন হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজীয়া-কুৰুৱাবাহী পথৰ নিবাসী দুলাল চন্দ্ৰ শৰ্মা ৷ উল্লেখ্য যে জম্মু কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ বট’গ্ৰামত ভাৰতীয় সীমা সুৰক্ষা বলৰ ৫৮ বেটেলিয়নত উপ-পৰিদৰ্শক ৰূপে কৰ্মৰত শৰ্মাই যোৱা ১৭ ছেপ্টেম্বৰত কৰ্মস্থলীতে নিশা আহাৰ গ্ৰহণ কৰি বাহিনীৰ শিবিৰৰ তৃতীয় মহলাৰ পৰা নামি আহোঁতে চিৰিৰ পৰা অসাৱধানবশতঃ প্ৰায় আঠ ফুট তলত বাগৰি পৰি গুৰুতৰভাবে আহত হয় ।

লগে লগে বুকু আৰু মূৰত আঘাত পোৱা শৰ্মাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে যোৱা ১৯ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে । দেশমাতৃৰ হকে সেৱা আগবঢ়াই অকালতে মৃত্যুবৰণ কৰা সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ উপ-পৰিদৰ্শক দুুলাল চন্দ্ৰ শৰ্মাৰ নশ্বৰদেহ কৰ্মস্থলীৰ পৰা বিশেষ বিমান যোগে গুৱাহাটীলৈ অনাৰ পিছত বুধবাৰে পুৱাৰ ভাগত স্বগৃহলৈ অনা হয় ৷ পিছত এক শোকাকুল পৰিবেশত সীমান্ত সুৰক্ষাৰ বিষয়া শৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় ।

শেষ শ্ৰদ্ধা অনুষ্ঠানত জম্মু-কাশ্মীৰৰ পৰা অহা সীমা সুৰক্ষা বাহিনীৰ লগতে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গায়ত্ৰী শৰ্মা,নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং,বেবেজীয়াৰ পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈকে ধৰি জিলা প্ৰশাসনৰ বহুলোক উপস্থিত থাকে । সাহসী বিষয়া দুলাল চন্দ্ৰ শৰ্মাৰ এনে অকাল মৃত্যুত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। মৃত্যুৰ সময়ত শৰ্মাই পত্নীৰ উপৰি মাতৃ-পুত্ৰসহ বহু আত্মীয় কুটুম্বক ইহসংসাৰত এৰি থৈ যায় । ইপিনে নগাঁৱৰ বেবেজীয়াৰ উপৰি দুলাল চন্দ্ৰ শৰ্মাৰ জন্মস্থান ঘাঁহী ভাটিকুৰি অঞ্চলতো শোকৰ ছাঁ পৰিছে । অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে,অতি অমায়িক আৰু নিষ্ঠাৱান দুলাল চন্দ্ৰ শৰ্মাই দু‌ই-এদিনতে ছুটী লৈ ঘৰলৈ অহা কথা আছিল ।

Previous Post

মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ, কন্দুৱাইছে পথচাৰীক

Next Post

নগাঁৱৰ চকলাঘাটত অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ চকলাঘাটত অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

নগাঁৱৰ চকলাঘাটত অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7