দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা দুজন যাত্ৰীৰ শৰীৰত কভিদৰ উপস্থিতি ধৰা পৰাত দেশৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। কৰ্ণাটকৰ দুয়োজন যাত্ৰীকে ইতিমধ্যে পৃথকে ৰখা হৈছে।
দক্ষিণ আফ্ৰিকাত অমিক্ৰণ নামেৰে কভিদৰ এক নতুন ভেৰিয়েণ্টে দেখা দিছে। দুটাকৈ ভেকচিন লোৱা লোকৰ শৰীৰটো এই ভাইৰাছে দ্ৰুত গতিত ক্ৰিয়া কৰে। ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ পৰা চীন, অষ্ট্ৰেলিয়া, ইজৰাইল, জাৰ্মানী আদি ১১ দেশলৈ এই ভেৰিয়েণ্ট বিয়পি পৰিছে।
দেশসমূহে অতি ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ সৈতে সকলো ধৰণৰ যোগাযোগ ব্যাহত ৰাখিছে। আমাৰ ভাৰত চৰকাৰেও এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে।
দক্ষিণ আফ্ৰিকাৰ পৰা অহা দুজন যাত্ৰীৰ শৰীৰত ধৰা পৰা কভিদ ভাইৰাছত অমিক্ৰণ ভেৰিয়েণ্ট আছেনে নাই এই লৈ পৰীক্ষা আৰম্ভ হৈছে। পৰীক্ষাৰ ফলাফললৈ সকলোৱে এতিয়া শংকা মনেৰে অপেক্ষা কৰিছে।