দৰঙৰ শুভাৰাম হাজৰিকালৈ ২০২২-২৩ বৰ্ষৰ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা। অসমৰ সংস্কৃতি প্ৰেমী ৰাইজৰ বাবে এক সুখবৰ । দৰং জিলাৰ দেওমৰনৈৰ বৰেৰী গাঁৱৰ শুভাৰাম হাজৰিকালৈ ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে আগবঢ়াইছে ২০২২-২৩ বৰ্ষৰ ‘ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা’। লোকগীতৰ অনাতাঁৰ শিল্পী শুভাৰাম হাজৰিকা একেধাৰে ব্যাস ওজাপালিৰ দাইনাপালি, খুলীয়া ভাউৰীয়াৰ শিল্পী, সংগঠক, নাগাৰা নামৰ শিল্পী হোৱাৰ লগতে দৰঙৰ প্ৰথমজন গ্ৰামোফোন ৰেকৰ্ড কৰোতা ।
উল্লেখযোগ্য যে তেখেতে দুখনকৈ অডিঅ’ কেছেটৰ উপৰিও ব্যাস সংগীত সংগ্ৰহ গ্ৰন্থ ৰচনা কৰি অসমৰ সাংস্কৃতিক জগতলৈ যথেষ্ট অৱদান আগবঢ়াইছে। ব্যাসাচাৰ্য উপাধি প্ৰাপক শিল্পী গৰাকীক অহা ৫ নৱেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা ।