নগাঁও,২০জুন:–নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মংগলবাৰে “প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা” অনুষ্ঠান অনুষ্ঠিত হয় । আভ্যন্তৰীণ মানদণ্ড আশ্বাষণ কোষৰ সহযোগত প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক প্ৰভাত চন্দ্ৰ কাকতিৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ মাৰ্গেন বায়’ল’জিকেল ট্ৰেইনিং এণ্ড ৰিচাৰ্চ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ড° পজুল লয়িং । বক্তৃতাত ড° লয়িঙে মলিক্যুলাৰ বায়’ল’জিৰ অধ্যয়নৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ কেনেদৰে গঢ়িব পাৰিব আৰু মলিক্যুলাৰ বায়’ল’জিৰ কঠিন ধাৰণাসমূহ প্ৰাকৃতিক উদাহৰণেৰে অতি সূক্ষ্মভাৱে ছাত্ৰ-ছাত্ৰীক বিশদভাৱে ব্যাখ্যা দাঙি ধৰে । এই মলিক্যুলাৰ বায়’ল’জিয়ে কেন্সাৰ আৰু জটিল ৰোগৰ অধ্যয়ন আৰু চিকিৎসাত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে সেই সম্পৰ্কেও তেওঁ উল্লেখ কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ২০২২ বৰ্ষত প্ৰাণীবিজ্ঞান বিভাগৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত স্নাতক পল্লৱ জ্যোতি শৰ্মা আৰু সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী বিদিশা শৰ্মাক মহেশ্বৰ শৰ্মা বৰঠাকুৰ আৰু প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষকে ধৰি অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।