নগাঁও প্ৰেছ ক্লাৱত আজি বিয়লি অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী,লেখিকা বৈজয়ন্তী খাউণ্ডৰ “স্বপ্নভঙ্গ” নামৰ প্ৰথমখনি গল্প সংকলন উন্মোচন কৰা হয় । শিক্ষাবিদ যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে প্ৰাক্তন অধ্যাপক,সাহিত্যিক প্ৰদীপ বৰাই । অনুষ্ঠানত সাপ্তাহিক ”কলংপাৰ” কাকতৰ সম্পাদক ভবেন বৰা,লেখক ময়ূৰ কুমাৰ বৰাৰ উপৰি নগাঁও অনাতাঁৰ কেন্দ্রৰ ঘোষক,লেখক চিদানন্দ গোস্বামী,কবি অনিল কুমাৰ শৰ্মা আদিয়ে বক্তব্য প্ৰদান কৰে ।
অনুষ্কা শৰ্মাই এটি বৰগীত পৰিৱেশেনেৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চিকিৎসক ডাঃ ধীৰেন হাজৰিকা,অৱসৰপ্ৰাপ্ত শিক্ষক থুলেশ্বৰ বৰা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী-নাট্যকাৰ গুণদা গোস্বামী,ডাঃ মানস জ্যোতি বশিষ্ঠ, ডাঃ ৰিমা ভট্টাচাৰ্য,ৰীণা বৰকটকী, লেখক পুলকানন্দ কৌশিক,গুণ বৰা,লেখিকা ক্ৰমে জেউতি হাজৰিকা,অমিয়া গোস্বামী, আৰতি শৰ্মা,তুলু হাজৰিকা, অৰুণিমা বৰা প্ৰমুখ্যে অৰ্ধ শতাধিক সাহিত্যানুৰাগী লোক উপস্থিত আছিল । শিক্ষক-কবি বসন্ত কৌশিক ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানত এটি গীত পৰিবেশনেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে গায়ক-লেখক গোলাপ বৰাই ।