শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা (৭৫ শতাংশ নম্বৰৰ অধিক নম্বৰ লাভ কৰা) সংঘৰ সংগীসকলৰ কীৰ্ত্তিমান ছাত্ৰ-ছাত্ৰীসকলক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে সংঘৰ জিলা কাৰ্যালয়ত সংঘৰ জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ বৰাই কয় যে আমাৰ কীৰ্তিমান বহু ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক,অভিযন্তাৰ হোৱাৰ সপোন দেখে ৷ ই নিশ্চিতভাৱে ভাল কথা ৷
কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিব লাগিব ৷ তেতিয়াহে দেশ তথা সমাজক সঠিকভাৱে আগুৱাই নিয়াত সফল হ’ব পৰা যাব ৷ সপোন দেখিব লাগিব,সেই সপোনে দেশ তথা জাতিক প্ৰতিষ্ঠা কৰিব লাগিব ৷ ভাষণ প্ৰসঙ্গত ড° বৰাই আৰু কয় যে মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব পাৰে ৷ কিন্তু সেই প্ৰত্যাহ্বান নেওচি আগুৱাই যাব লাগিব ৷ ড° বৰাই লগতে ছাত্ৰ-ছাত্ৰীসকলক ম’বাইল ফ’ন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷
সংঘৰ জিলা শাখাৰ শিক্ষা বিভাগৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনি উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই ৷ ঈশাপ্ৰিয়া শইকীয়াৰ বৰগীতৰে আৰম্ভ হোৱা আৰু তোষেশ্বৰ বৰাই আঁত ধৰা সভাখনিত কীৰ্তিমান ছাত্ৰ-ছাত্ৰী ক্ৰমে অভিনৱ ৰঞ্জন বৰা,ভাৰ্গৱ বৰুৱা,দৰথী বৰা, জ্যোতিস্মিতা ভাগৱতী আৰু প্ৰিয়াশী হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰে ।