নগাঁও জিলাৰ পুৰণিগুদামত আজি সংঘটিত এক দুৰ্ঘটনাত এটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । প্ৰাপ্ত বাতৰি মতে আজি বিয়লি চামগুৰিৰ সমীপৰ তেলীয়াগাঁৱৰ চন্দ্ৰ কলিতাই তেওঁৰ পত্নী আৰু পুত্ৰসহ পুৰণিগুদামৰ বিষয়াচুকৰ পৰা AS02 N4402 নম্বৰৰ টাটা জেষ্ট গাড়ীখনৰে আহি থাকোঁতে ৰে’ল লাইন পাৰ হ’ব ধৰোঁতেই নগাঁৱৰ পৰা শিলঘাট অভিমুখী এটা ৰে’ল ইঞ্জিনে গাড়ীখনক প্ৰচণ্ড জোঁৰৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটি সংঘটিত হয় ।
ফলত জেষ্ট গাড়ীখনত অহা চন্দ্ৰ কলিতাৰ লগতে তেওঁৰ পত্নী নীলিমা কলিতা আৰু পুত্ৰ নীলাভ নয়ন কলিতাৰ থিতাতে নিহত হয় । ৰে’লৰ ইঞ্জিনটোৰ প্ৰচণ্ড খুন্দাত গাড়ীখন মহতিয়াৰ নিয়াৰ ফলত কেইবা টুকুৰা হৈ পৰে । উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰে’লৱে ক্ৰচিংটোত গাঁত খান্দি আহ-যাহ বন্ধ কৰি দিছিল । কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয় ।