VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহাবিষ্ণু যজ্ঞ আৰম্ভ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
June 30, 2023
in মুখ্য সংবাদ
নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহাবিষ্ণু যজ্ঞ আৰম্ভ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

নগাঁও,৩০জুন:– আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত শুক্ৰবাৰে শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠা কৰা হয় । শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ কামনাৰে তিনিদিনীয়াকৈ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰো আয়োজন কৰা হৈছে । শুক্ৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাতীচোং কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,বৈদিক চৰ্চা কেন্দ্ৰৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যই । বন্তি প্ৰজ্বলন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিপুল কটকীয়ে আৰু স্মৃতি তৰ্পণ মুকলি কৰে উদযাপন সমিতিৰ সভাপতি অনিল আগমাচাৰ্যই । ইয়াৰ পাছতে হাতীচোং কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়ৰ প্ৰশ দ্বাৰৰ কাষত হাতীচোং সঞ্জীৱনী সংস্কৃত টৌলৰ ভূমিদাতা প্ৰয়াত শশীকান্ত আগমাচাৰ্যৰ পবিত্ৰ স্মৃতিত নিৰ্মিত আবক্ষ মূৰ্তিটি উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । উল্লেখ্য যে আবক্ষ মূৰ্তিটি নিৰ্মাণ কৰি উলিয়াইছে নগাঁৱৰ অশ্বিনী শৰ্মা আৰু তেওঁৰ সহযোগীসকলে । উদযাপন সমিতিৰ সম্পাদক নিপন শৰ্মাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পুৰোহিত-ব্ৰাহ্মণ ব্যক্তিসকলৰ লগতে সাংবাদিকদ্বয় ঋতু পৰ্ণ শৰ্মা আৰু বেদব্ৰত ৰাজাও উপস্থিত থাকে । বিয়লি ঋত্বিকসকলৰ আদৰণি জনোৱাৰ পাছতে অধিবাস আৰম্ভ হ’ব । ইতিমধ্যে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ত্ৰিশজনৰো অধিক ঋত্বিক মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত হৈছেহি । ১জুলাই,শনিবাৰে পুৱা বেদমন্ত্ৰ পাঠ,নান্দী শ্ৰাদ্ধ,আয়তীৰ দ্বাৰা জলযাত্ৰা,পাদ পক্ষালন,ঋত্বিক বৰণ,অগ্নি আহৰণ,মহা বিষ্ণু যজ্ঞ আৰম্ভ,আহুতি প্ৰদান,বিয়লি সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া আৰতিৰ পাছতে ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাৰ পৰিচালনাত বিশিষ্ট সংস্কৃত পণ্ডিত প্ৰয়াত উমাকান্ত দেৱ শৰ্মাৰ সোঁৱৰণত “সংস্কৃত সন্ধ্যা” অনুষ্ঠিত হ’ব । ২জুলাই, ৰবিবাৰে পুৱা বেদমন্ত্ৰ পাঠ, মংগলাচৰণ,আহুতি প্ৰদান,নাম প্ৰসংগ,বিয়লি পূৰ্ণাহুতি প্ৰদান আৰু ঋত্বিকসকলৰ বিদায় অনুষ্ঠানৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ইপিনে উদযাপন সমিতিয়ে জনোৱা মতে ২জুলাই,ৰবিবাৰৰ মহা বিষ্ণু যজ্ঞৰ পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিব বিচৰা ভক্তই সমিতিৰ লগত আগতীয়াকৈ 7002465960 নাইবা 7002181682 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । মহা বিষ্ণু যজ্ঞৰ তিনিও দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।

Previous Post

আগন্তুক সংসদ অধিৱশেনতে গৃহীত হ’ব নেকি ইউনিফৰ্ম চিভিল কোড সংশোধনী বিধেয়ক? আইন আয়োগৰ বিচাৰিছে মতামত

Next Post

নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

নগাঁৱৰ ৰাইদঙীয়াত "সহোদৰ"ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক "সহোদৰ শৈক্ষিক বঁটা--২০২৩" প্ৰদান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7