দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত পালন পালন কৰা হয় ‘সু-শাসন দিৱস’।দেশৰ সমান্তৰাল ভাৱে ৰাজ্যিক বিজেপিয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত উদযাপন কৰে সু-শাসন দিৱসৰ কাৰ্যসূচী।বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা প্ৰমুখ্যে বিজেপিৰ শীর্ষ নেতা সকল উপস্থিত থাকে।কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আদৰ্শৰে দলৰ কাযকৰ্তা সকলক আগবাঢ়ি যোৱাৰ আহ্বান জনায়।লগতে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱন আৰু কৰ্ম পদ্ধতিৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে।
সু-শাসন দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা যুৱ-মৰ্চাই মটৰ চাইকেল ৰেলী উলিয়াই।ৰেলিত অংশগ্ৰহণ কৰে যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই।
প্রধানমন্ত্ৰী গৰাকীৰ সোঁৱৰণত উক্ত অনুষ্ঠানতে চিত্ৰাংকন,কবিতা পাঠ আদি প্ৰতিযোগিতাৰ আয়োজন কৰে।