দেশজুৰি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমন ৷ ইতিমধ্যে প্ৰায় আধা ডজন লোক এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে ৷ এই নতুন ভেৰিয়েণ্টৰ সংক্ৰমনক লৈ সতকৰতা জাৰি কৰাৰ সময়তে আহি পৰিছে আন এক উদ্বেগজনক খবৰ ৷ সেয়া হৈছে কেবল ফাইজাৰৰ ভেকচিনেহে আংশিকভাবে প্ৰতিৰোধ কৰিব পাৰে অ’মিক্ৰনৰ সংক্ৰমন ৷ এই কথা সদৰী কৰিছে দক্ষিণ আফ্ৰিকান লেবেৰ’টৰী গবেষণা মুৰব্বী এলেক্স ছিগালে ৷ অৱশ্যে প্ৰাথমিক গবেষনাৰ ভিত্তিত তেও এই তথ্য প্ৰকাশ কৰিছে ৷ ফাইজাৰ আৰু বায়’ এণ্ড টেকে যুটীয়াভাৱে প্ৰস্তুত কৰা ভেকচিনৰ দুয়োটা ড’জ লাভ কৰা ১২ জন ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষা কৰিছিল এই গৱেষণাত ৷ অৱশ্যে মার্কিন যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ এন্থনী ফাউচিয়ে প্ৰকাশ কৰিছে যে এই নতুন ভেৰিয়েণ্ট অত্যন্ত সংক্ৰামক যদিও পুর্বৰ ভেৰিয়েণ্টৰ তুলনাত কিছু ‘মাইল্ড’ লক্ষণ প্ৰদর্শন কৰিছে ৷