ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যনে (এফআইএমইএ) মঙলবাৰে ২৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা সমগ্ৰ দেশৰ সকলো স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দিল্লীত চিকিৎসকসকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ প্ৰতিবাদত এই ঘোষণা কৰা হৈছে।
সোমবাৰে চৰকাৰী চিকিৎসালয়সমূহৰ আৱাসিক চিকিৎসকসকলে এনইইটি-পিজি ২০২১ ৰ কাউন্সেলিঙত পলম হোৱাৰ বাবে তেওঁলোকৰ প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছিল আৰু মধ্য দিল্লীৰ মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ এক পদযাত্ৰা উলিয়াইছিল। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিয়াৰ ফলত হতাহতি আৰম্ভ হৈছিল।
প্ৰতিবাদকাৰী আৱাসী চিকিৎসকসকলে অভিযোগ কৰিছে যে তেওঁলোকক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে কেইবাজনকো আটক কৰিছে।
এক বিবৃতিত এফ.আই.এ.এম.এ.-য়ে কয়, “দিল্লী আৰক্ষীয়ে যোৱা এমাহৰ পৰা দিল্লী আৰু আন বহুতো ৰাজ্যত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি অহা আমাৰ সহকৰ্মীসকলৰ ওপৰত অপ্ৰৰোচিত নিৰ্মম অত্যাচাৰ কৰাৰ ফলত চিকিৎসকসকল অতি হতবাক হৈ পৰিছে। এনইইটি-পিজি ২০২১ কাউন্সেলিং অনুসূচী তৎক্ষণাৎ ঘোষণা কৰাৰ দাবী জনাইছে বিবৃতিটোত। তেওঁলোকে কয় যে
আমাৰ আৱাসী চিকিৎসকসকলৰ ওপৰত লাঠী চালনা আৰু পুৰুষ আৰক্ষী কৰ্মীৰ দ্বাৰা বহুতো মহিলা আৱাসীক হতাহতি কৰাটো কৰ্তৃপক্ষৰ নিৰ্লজ্জ মনোভাৱৰ এক শোচনীয় প্ৰদৰ্শন, যাক আমি বিশ্বাস কৰিব পৰা নাছিলো যে ইমান তললৈ নামি যাব,”
এন ই ইটি-পিজি কাউন্সেলিং ২০২১ একাধিকবাৰ স্থগিত ৰখাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ আৱাসিক চিকিৎসকসকলে ২৭ নৱেম্বৰৰ পৰা প্ৰতিবাদ কৰি আহিছে।