সমগ্ৰ দেশতে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনত ব্যস্ত দেশবাসী ৷ তাৰ মাজতে বিগত ৫ টা বছৰে নীৰৱে স্বাধীনতা দিৱস উদযাপন কৰি আছে এহাল বৃদ্ধ দাম্পতীয়ে ৷ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দুই পিতৃ-মাতৃয়ে নিজ সন্তান তথা বীৰ শ্বহীদ গৰাকীৰ শ্বহীদ বেদীটো চাফচিকুণ, পৰিস্কাৰ কৰে আৰু ত্ৰিৰংগা পতাকা উত্তোলন কৰে।
উল্লেখ্য যে, গোৱালপাৰাৰ কৃষ্ণাইৰ নিকটৱৰ্তী ভেলাখামাৰ গাঁৱৰ ডেকা মহিবুল ইছলামে দেশ মাতৃৰ সেৱাৰ আগবঢ়োৱাৰ বাবে ওলাই গৈছিল আৰু যোগ দিছিল অৰ্ধসামৰিক বাহিনী তথা CRPF ত ৷ ২০০৩ চনত চাকৰিত যোগদান কৰাৰ পিছতে মণিপুৰৰ ইম্ফলত কৰ্তব্য পালনৰ বাবে মহিবুল নিয়োজিত হৈছিল ৷ কিন্তু ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণ শ্বহীদ হয় মহিবুল । সেই বোমা বিস্ফোৰণ ইমানে ভয়ংকৰ আছিল যে, মহিবুলৰ দেহ চিন্ন-ভিন্ন হৈ পৰিছিল ৷
হাতত থকা আঙুঠিৰ সহায়ত হে পৰিয়ালে মহিবুলক চিনাক্ত কৰিছিল ৷ নিজ সন্তানক দেশ মাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বৃদ্ধ পিতৃ মাতৃয়ে আজিও পুত্ৰক লৈ গৌৰাৱাম্বিত ৷ নিজ সন্তানৰ লগতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া শ্বহীদ সকলোৰ স্মৃতিত এনেদৰে স্বাধীনতা দিৱসৰ এদিন পূৰ্বে নিৰৱে দুই বৃদ্ধ দাম্পত্তীয়ে পুত্ৰৰ স্মৃতিত CRPF য়ে গাঁৱখনৰ বিদ্যালয় চৌহদত স্থাপন কৰা শ্বহীদ বেদীটোৰ কাষৰ ঘাঁহ-বন উভালি চাফচিকুণ কৰিছে আৰু ধূলিৰে লেটেৰা হৈ থকা বেদীটো পানীৰে ধুই পৰিস্কাৰ কৰে ৷
এই শ্বহীদ বেদীতে অহাকালি অৰ্থাৎ স্বাধীনতা দিৱসৰ ৰাতিপুৱাই বীৰ শ্বহীদ পুত্ৰৰ স্মৃতিত আৰু পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ত্ৰিৰংগা উত্তোলন কৰিব মহিবুলৰ বৃদ্ধ পিতৃ-মাতৃ য়ে ৷