আজি মৰিজাঁজী চেচাসত্ৰ হাইস্কুলৰ বাকৰিত ব্যতিক্ৰমী চিন্তাৰে দেৱজিত হাজৰিকাৰ প্ৰথমখন কবিতা পুথি ‘শংখবণিক’ উন্মোচন কৰা হয় । বৰ্তমান সময়ত চলি থকা জাকজমকতা পূৰ্ণ সভাৰ ধাৰাটোৰ পৰিৱৰ্তে এক ব্যতিক্ৰমী চিন্তাৰে দেৱজিৎ হাজৰিকাই শৈশৱকালত শিক্ষা গ্ৰহণ কৰা জ্ঞানৰ মন্দিৰত তেখেতৰ একালৰ শিক্ষক বৰ্ষীয়ান শিক্ষাবিদ শ্ৰীযুত অতুল চন্দ্ৰ নাথকে আদি কৰি আনকেইবাগৰাকীও শিক্ষকৰ উপস্থিতিত অনাড়ম্বৰপূৰ্ণ ভাৱে উন্মোচন কৰা হয় কবি গৰাকীৰ জীৱনৰ প্ৰথম খন কাব্য সংকলন।
শিকলি কাব্যালোচনী আৰু মৃগনাভিৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাখন সঞ্চালনা কৰাৰ গুৰু দায়িত্ব বহন কৰে বিশিষ্ট স্তম্ভ লেখক , সাহিত্য সমালোচক ড° অনিল কুমাৰ শইকীয়াই। আনহাতে সভাত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে দিহা সম্ৰাট তথা বকুলবনৰ বঁটা প্ৰাপক কমলা গগৈ আৰু ২০২২ বৰ্ষৰ জিলাভিত্তিক কৃতী শিক্ষক বঁটা প্ৰাপক যতীন বৰুৱা,সংবাদকৰ্মী গকুল বড়া, গড়গাঁও মহাবিদ্যালয়ৰ পৰাগ জ্যোতি বৰা, হেমন্তজ্যোতি গগৈ ,ববী দত্ত, ৰূপজ্যোতি শইকীয়া, দিগন্ত চাংমাই, বিমান শইকীয়া, অৰূপজ্যোতি হাজৰিকা আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে । উল্লেখযোগ্য যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত যতীন মিলিয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী সভাখনত সুকবি দেৱজিত হাজৰিকাৰ প্ৰথমখন কবিতা পুথি ” শংখবণিক” উন্মোচন কৰে দেৱজিত হাজৰিকাৰ একালৰ শিক্ষক বৰ্ষীয়ান শিক্ষাবিদ শ্ৰীযুত অতুল চন্দ্ৰ নাথে ।