নাগালেণ্ডত কৰ্মৰত যুৱকৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু । নাগালেণ্ডৰ জিৰোত সংঘটিত এই ঘটনা । হঠাৎ পাহাৰৰ এটা অংশ খহি পৰাত থিতাতে মৃত্যু হয় যুৱকজনৰ । মিন্টুল ডেকা নামৰ ২৪ বছৰীয়া যুৱকজনে ফ’কলেণ্ডৰ ড্ৰাইভাৰ ৰূপে কৰ্মৰত আছিল । ৰঙিয়াৰ নিকটৱৰ্তী মধুকুছিত ঘৰ আছিল যুৱকজনৰ । কেষ্টন ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাত কৰ্মৰত আছিল মিন্টুল ডেকা । পৰিয়ালটো একমাত্ৰ উপাৰ্জন কৰা ল’ৰাটোৰ আকস্মিক মৃত্যুত সৰগ ভাগি পৰিল পৰিয়ালটোত ।
অতিকৈ দূখীয়া পৰিয়ালৰ কমবয়সীয়া যুৱক মিন্টুল ডেকাৰ এই খবৰে সমগ্র অঞ্চলজুৰি শোঁকৰ ছাঁ পেলাইছে ।