শান্তি স্থাপনৰ বাবে বিভিন্ন উগ্ৰবাদী সংগঠনক মূল সুঁতিলৈ ওভতাই আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । এন ডি এফ বি, এন এল এফ বি, কে ল অ কে ধৰি কেইবাটাও সংগঠনে অংশ লৈছে শান্তি আলোচনাত । ইয়াৰ মাজতে আজি ডিএনএলএ ৰ ৬৭ জন কেডাৰে আজি অস্ত্ৰ শস্ত্ৰ সহ আত্মসমৰ্পন কৰিছে ।
কাৰ্বি আংলঙৰ ধনশিৰিপাৰত কাৰ্বি আংলং স্বায়ত্বসাশিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ,বিশিষ্ট নাগৰিক আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত কেডাৰ সকলে অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰে। উগ্ৰবাদী সংগঠনতোৰ কেডাৰসকলে ২ টা একে চিৰিজ ৰাইফলছ, অৰ্ধ স্বয়ংক্ৰিয় অস্ত্ৰ আৰু স্নাইপাৰ ৰাইফলকে ধৰি ২০ টা অস্ত্ৰ জমা দিয়ে।
তদুপৰি তেওঁলোকে জমা দিছে ৩৪১ টা বিস্ফোৰক। ইয়াৰ পূৰ্বে তেওঁলোকে ডিমা হাচাওৰ খেপ্ৰেত ৩ টা একে ছিৰিজৰ ৰাইফলআৰু ১৬০ ৰাউণ্ড গুলীকে ধৰি ৯ টা অস্ত্ৰ জমা দিছিল। আজি আত্ম সমৰ্পণ কৰা সদস্যসকলৰ ভিতৰত বাবু হোজাই, পাৰাদাও ঘিচিম, প্ৰিনিতৰ দৰে সকলো দ্বিতীয় শাৰীৰ নেতা শীৰ্ষ সদস্য অন্তৰ্ভুক্ত হৈ আছে।